NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ February 22, 2021 2:52 pm
AASU protest sibsagar.png1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰতিবাদ কৰি আজি আছুৱে শিৱসাগৰত প্ৰতিবাদ সাৱ্যস্ত কৰে।

ক’লা বেজ পৰিধান কৰি আৰু ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ নেতা-কৰ্মীসকলে।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ক’লা পতাকা উৰুৱাই এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ।

অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ, নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰা, বান গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীৰে এইদৰে আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰে।

উল্লেখ্য যে আজিৰ দিনটোত আছুৰ কৰ্মীসকলে ৰাজ্যখনৰ আন স্থানতো এইদৰে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছে।