NORTHEAST NOW (Assamese)
Popular Stories

কৰোণা ভাইৰাচ : ১ মাৰ্চৰ পৰা ভেকচিন প্ৰদান কৰা হ’ব পঞ্চাশোৰ্ধৰ ব্যক্তিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 3:15 pm

সোমবাৰে ভাৰতত কৰোণা ৰোগীৰ তালিকাত ১৪,১৯৯ জন যোগ হয়। আনহাতে ৮৩জন নতুন ৰোগীৰ মৃত্যু হৈছে।

এই নতুন ৰোগীসকল যোগ হোৱাৰ ফলত বৰ্তমান ভাৰতত মুঠ ১,১০,০৫,৮৫০ জন কৰোণা পজিটিভ ধৰা পৰাৰ লগতে ১,৫৬,৩৮৫জন ৰোগীৰ মৃত্যু হ’ল। আনহাতে ১,০৬,৯৯৪,১০ জন লোক সুস্থ হৈ উঠিছে।

ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ তথ্যমতে ১.১১ কোটিতকৈও অধিক স্বাস্থ্যকৰ্মীক কৰোণাভাইৰাচ প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে।

বাতৰিমতে, কেন্দ্ৰীয় চৰকাৰে ১ মাৰ্চৰ পৰা পঞ্চাশোৰ্ধ ব্যক্তসকলক ভেকচিনৰ টিকাকৰণৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰালয়ে ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয়শাসিত ৰাজ্যসমূহলৈ ভেকচিনেচনৰ প্ৰস্তুতিৰ বাবে জাননি প্ৰেৰণ কৰিছে।

মূলতঃ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে এই ভেকচিনেচনত আগভাগ লৈছে। ইতিমধ্যে ব্যক্তিগত কোম্পানীসমূহে স্বাস্থ্যকৰ্মীসকলক ভেকচিন প্ৰদান কৰাত মুখ্য ভূমিকা লৈছে।

ইতিমধ্যে মহাৰাষ্ট্ৰত প্ৰশাসনে ৰাজহুৱা জীৱনযাত্ৰাৰ ওপৰত কঠোৰ হৈছে। মহাৰাষ্ট্ৰত দেওবাৰে ৭,০০০ নতুন কৰোণা পজিটিভ পোৱা গৈছে। ৰাজ্যখনৰ অমৰাৱতী অঞ্চল লকডাউন ঘোষণা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন হপকিনছ ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰা তথ্য অনুযায়ী বিশ্ব প্ৰেক্ষাপটত বৰ্তমানলৈকে কৰোণা ৰোগীৰ সংখ্যা মুঠ ১১,১৩,৫১,১৯০ জন। ইয়াৰ ভিতৰত ২৪ লাখ ৰোগী মৃত্যু হোৱাৰ বিপৰীতে ৬,২৮,২৪,১২২ জন ৰোগীক ৰোগমুক্ত ঘোষণা কৰা হৈছে।