NORTHEAST NOW (Assamese)
Popular Stories

আতংক! লখিমপুৰত ‘জাপানীজ এনকেফেলাইটিছ’ত শিশুৰ মৃত্যু; ২৪ গৰাকী আক্ৰান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 1, 2023 5:31 pm

লখিমপুৰ জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো আক্ৰান্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ২৪ জন লোক আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

জাপানীজ এনকেফেলাইটিছত হৈছে মহৰ কামোৰৰ দ্বাৰা বিয়পি পৰা ভাইৰাছজনিত মগজুৰ সংক্ৰমণ।

গাহৰি আৰু চৰাইৰ দেহত পোৱা এই ভাইৰাছ মহলৈ বিয়পি যায়। সেই মহে মানুহক কামুৰিলে মানুহো এই ৰোগত আক্ৰান্ত হয়।

উল্লেখ্য যে এই ৰোগৰ কোনো নিৰাময় নাই। চিকিৎসাৰ ক্ষেত্ৰত গুৰুতৰ লক্ষণসমূহৰ পৰা উপশম পাবলৈ চিকিৎসা কৰা হয়।

শেহতীয়া খবৰ অনুসৰি, লখিমপুৰ জিলাতে ডেংগিত আক্ৰান্ত হৈ আৰু দুজন লোকে প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে যোৱা বছৰ অসমত জাপানীজ এনকেফেলাইটিছৰ বাবে কমেও ৮৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৩৯০ জনলৈ বৃদ্ধি পাইছিল।