NORTHEAST NOW (Assamese)
অসম

তামিলনাডুত নিৰ্যাতনৰ বলি অসমৰ জয়মালা; নিৰ্যাতনকাৰী দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 3:37 pm
elephant-750x375

এটা অতি শিহৰণকাৰী দৃশ্যই সকলোৰে বিবেকক জোকাৰি গৈছে। সম্প্ৰতি আমি লাভ কৰা এটা ভিডিঅ’ই ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

দৰাচলতে অসমৰ এটা হাতীৰ ওপৰত অমানুষিক অত্যাচাৰ চলিছে। দুজন মানুহে এটা হাতীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ আমাৰ হাতত আহি পৰিছে।

তামিলনাডুত এইদৰে অসমৰ পৰা নিয়া হাতীৰ ওপৰত এই বৰ্বৰতা চলিছে।

এটা অতি অত্যন্ত দুখ লগা দৃশ্য। সামান্যতমো মানবীয় অনুভূতি নথকা দুজন পিশাচে হাতীটোৰ ওপৰত যি অত্যাচাৰ চলাইছে এই দৃশ্যই যিকোনো লোকৰে মৰ্মস্থলত আঘাত দিব।

আমি জানিব পাৰিছো এই হাতীটোৰ নাম জয়মালা। এটা প্ৰায় ৩২ বছৰীয়া মাখুণ্ডি হাতী। তামিলনাডুত স্থানীয়ভাবে ইয়াৰ নাম ৰখা হৈছে জয়ালয়াথা।

অসমৰ তিনিচুকীয়া জিলাৰ পৰা এই হাতীটো তামিলনাডুলৈ নিয়া হৈছিল। হাতীটোৰ মালিক আছিল গিৰীণ মৰাণ। ২০০৮ চনত এই হাতীটো temporary lease ত তামিলনাডুলৈ নিয়া হৈছিল। তাৰ পাছৰ পৰা বিগত ১৩ বছৰ ধৰি তামিলনাডুৰ শ্ৰীভিল্লিপুথুৰৰ এটা মন্দিৰত অবৈধভাৱে captive কৰি ৰখা হৈছিল।

অসমৰ জয়মালা নামৰ এই হাতীটোৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ সেই ভয়ংকৰ ভিডিঅ’ আজি আমি লাভ কৰিছো। দেখিলেই গাৰ নোম শিঁয়ৰি উঠা এটা দৃশ্য। এই কাণ্ড সংঘটিত হৈছে তামিলনাডুৰ এটা rejuvenation camp ত।

উল্লেখ্য যে ২০০৮ চনত তিনিচুকীয়াৰ পৰা এই হাতীটো নিয়াৰ সময়তে আন এটা হাতী গোলাঘাটৰ পৰা তামিলনাডুলৈ নিয়া হৈছিল। যিটো হাতীৰ নাম আছিল প্ৰেৰণা। তামিলনাডুত তাৰ নাম দিয়া হৈছিল দেইভানাই। সেই হাতীটোৱে ২০২০ চনৰ মে মাহত এজন মাউতক হত্যা কৰিছিল। তাৰ পাছত দুয়োটা হাতী, অৰ্থাৎ জয়মালা আৰু প্ৰেৰণা, দুয়োটাকে অসমলৈা প্ৰেৰণ কৰাৰ কথা আছিল। কিন্তু এতিয়ালৈ অসম আহি নাপালে এই হাতী দুটা।

তাৰ পাছত জয়মালা নামৰ এই হাতীটোৰ ওপৰত এই দুখলগা ঘটনা সংঘটিত হৈছে। হাতীক গৌৰৱৰ প্ৰতীক হিচাপে চিনাকি দিয়া হয়। অসমৰ পৰা নিয়া তেনে এটা হাতীৰ ওপৰতে তামিলনাডুত এই অমানুষিক অত্যাচাৰ চলিছে।

বিগত সময়ত অসমৰ পৰা শ শ হাতী বহিৰাজ্যলৈ নিয়া হৈছে। যিসমূহৰ তথ্য সম্বলিত বাতৰি নৰ্থ-ইষ্ট নাওৱে পূৰ্বেও বহুবাৰ প্ৰকাশ কৰিছে। বহিৰাজ্যলৈ নিয়া বহু হাতীৰ কোনো শুংসূত্ৰ নোহোৱা ঘটনাও সংঘটিত হৈছে। তাৰ মাজতেই এইবাৰ এই ঘটনা সংঘিত হৈছে যি ঘটনাই প্ৰকৃতি প্ৰেমী বা জীৱ জন্তুক ভালপোৱা প্ৰতিজন ব্যক্তিক ব্যথিত কৰিছে।

জানিব পৰা মতে, এই ঘটনা পোহৰলৈ অহাৰ পাছত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে হাতীটোৰ ওপৰত নিৰ্যাতন চলোৱা মাউত দুজনক তামিলনাডুৰ বন বিভাগে গ্ৰেপ্তাৰ কৰিছে।