NORTHEAST NOW (Assamese)
Popular Stories

নেশ্যনেল হেৰাল্ড গোচৰ : ছোনীয়া আৰু ৰাহুল গান্ধীৰ সহযোগিতা বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 3:53 pm
index.jpg

নেশ্যনেল হেৰাল্ড গোচৰত অভিযুক্ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পিত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তৰ পৰা সহযোগিতা কামনা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা এক আবেদনৰ বিচাৰ প্ৰক্ৰিয়াত ছোনীয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তসকলৰ সহযোগিতাৰ কামনা কৰিছে।

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইটে এখন জাননী যোগে বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীৰ আবেদনৰ সন্দৰ্ভত অহা ১২ এপ্ৰিলৰ ভিতৰত গান্ধী পৰিবাৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অস্কাৰ ফাৰ্ণাণ্ডেজ, চুমন ডুবে, শাম পিট্ৰ’ডা আৰু য়ঙ ইণ্ডিয়াৰ স্থিতি কি জানিব বিচাৰিছে।

বিজেপি সাংসদগৰাকীৰ হৈ সত্য সুভাৰ্ৱাল আৰু অভিযুক্তৰ হৈ টাৰানুম চীমাই সোমবাৰে আদালত যুক্তি প্ৰদৰ্শন কৰা উক্ত গোচৰটোৰ অহা ১২ এপ্ৰিলত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে গান্ধী পৰিয়ালৰ লগতে অন্যান্য অভিযুক্তসকলে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড(ৱাইআই) আৰু নেশ্যনেল হেৰাল্ডৰ মালিক পক্ষ এচ’ছিয়েট জাৰ্ণেলছ প্ৰাইভেট লিমিটেডৰ পুঁজি অপব্যৱহাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে সুব্ৰমণিয়াম স্বামীয়ে।