NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয় আছু, ৩০ জনগোষ্ঠীৰ লগতে শিক্ষক কৰ্মচাৰীৰ বিশাল জোঁৰ সমদল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2019 7:44 pm
Protest against CAB

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় আছু গোট, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত জোঁৰ সমদল কৰে।

জোঁৰ সমদলত বিশ্ববিদ্যালয় শিক্ষক সমাজ, কৰ্মচাৰী সন্থা, স্নাতকোত্তৰ ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে জোঁৰ লৈ ‘কেব মানি লোৱা নহ’ব’, ‘কেব সাম্প্ৰদায়িক’, ‘কেব অসম চুক্তিৰ পৰিপন্থী’, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ আদি শ্লোগানেৰে বিশ্ববিদ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে।

জোঁৰ সমদলৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু পৰিয়ালে একে মুখে ‘জাতিতকৈ ককাই ডাঙৰ নহয়’ আৰু মৌনব্ৰত পালন নকৰি জাতিৰ পক্ষত থিয় দি খিলঞ্জীয়াৰ কণ্ঠ হৈ মাত মাতিবলৈ আহ্বান জনায়।

জোঁৰ সমদলত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক গোপাল দাস, উৎপল শৰ্মা আৰু পিনাক কৌশিক বৰাৰ লগতে বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।