NORTHEAST NOW (Assamese)

বাণিজ্য শাখাত পঞ্চম স্থানপ্ৰাপ্ত আর্থিকভাৱে পিছপৰা অংকুৰৰ শৈক্ষিক দায়িত্ব গ্ৰহণ কৰিছে আছুই

June 25, 2020 7:24 pm · নিৰ্মলেন্দু পাঠক
বাণিজ্যত পঞ্চমস্থান প্ৰাপ্ত অংকুৰ

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য বিভাগত অসমৰ ভিতৰতে পঞ্চমস্থান অধিকাৰ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই অংকুৰজ্যোতি ভূঞাৰ উচ্চ শিক্ষাৰ দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে।

আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তান মেধাৱী ছাত্ৰ অংকুৰজ্যোতি ভূঞা টীয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী।

মেধাৱী ছাত্ৰ অংকুৰৰ ফলাফল লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ বেজবৰাই আজি ছাত্ৰজনৰ ঘৰত উপস্থিত হৈ ছাত্ৰ গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ দায়িত্ব গ্ৰহণ কৰে।

আনহাতে, মেধাৱী ছাত্ৰ অংকুৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলক কৃতজ্ঞতা জ্ঞাপন কৰি ভবিষ্যতে অঞ্চলৰ লগতে ৰাজ্যৰ মংগলৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে।

সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰি আহিছে।

Related News