NORTHEAST NOW (Assamese)
অসম

সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি অতিশয় দুৰ্ভাগ্যজনক: অখিল গগৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2023 8:38 pm
AASU Akhil Gogoi
ৰাজ্যখনৰ মহা সংকটৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা ৰাইজৰ সৈতে নহয়, ফেচিষ্ট আৰু ৰেচিষ্ট বিজেপি চৰকাৰৰ সৈতে থকাটো অসমীয়া জাতিটোৰ বাবে দুৰ্ভাগ্যজনক। কালি সদৌ অসম ছাত্ৰ সন্থাৰ সমষ্টিপুনৰ নিৰ্ধাৰণ বিষয়ত সংবাদ মেলখন চাই আমি উপলব্ধি কৰিছো যে সদৌ অসম ছাত্ৰ সন্থা এতিয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ দুখ-বেদনাৰ সৈতে নাই, আছে বিজেপি চৰকাৰৰ এজেণ্ডাৰ সৈতেহে৷ এখন ফেচিষ্ট, সাম্প্ৰদায়িক আৰু বৰ্ণবাদী চৰকাৰৰ সৈতে এটা ঐতিহাসিক ছাত্ৰ সংগঠনৰ এজেণ্ডা মিলি যোৱাটো এক জাতীয় দুৰ্ভাগ্য।এই বক্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।
এক প্ৰেছ বিবৃতি যোগে আঞ্চলিক দলটোৰ সভাপতি তথা শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক গগৈয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত বিজেপি-আৰএছএছৰ সাম্প্ৰদায়িক আৰু জনজাতি-জনগোষ্ঠী বিৰোধী এজেণ্ডাৰ সৈতে আছুৰ এজেণ্ডা একে হোৱাটো অতিশয় বেদনাদায়ক৷
তেওঁ কয়, “সমষ্টি পুনৰ নিৰ্ধাৰণত মুছলমানসকলৰ বিধান সভাৰ আসন হ্ৰাস কৰাটোত আছুৱে সমৰ্থন কৰাটো বাৰু বুজিলো, কিন্তু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সমষ্টি কমাই বাঙালি হিন্দুসকলৰ সংখ্যাগৰিষ্ঠতা বৃদ্ধিত আছুৰ নিৰ্বিকাৰ ৰূপটোত আচৰিত নহৈ নোৱাৰিলোঁ৷ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নামনি অসমত কোচ- ৰাজবংশীসকলৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টি কাঢ়ি নিয়া হৈছে; গৰিয়া-মৰিয়া-দেশী- ছৈয়দ-জোলহাসকলৰ সমষ্টিও শেষ কৰা হৈছে; নাথ-যোগীসকলকো বঞ্চিত হৈছে।”
সেইদৰে “মধ্য অসমত আমৰি কাৰ্বি- তিৱা- বড়ো-ৰাভাসকলৰ ডিমৰীয়া সমষ্টি কাঢ়ি লোৱা হৈছে; মৰিগাঁও তিৱাসকলৰ বাবে সংৰক্ষিত নহ’ল; উজনি অসমত আহোমসকল, মটকসকল আৰু চাহ- জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টিৰ সংখ্যা ব্যাপক ৰূপত হ্ৰাস কৰা হ’ল; অনুসূচীত জাতিৰ বাবে উজনি অসমত এটাও সমষ্টি সংৰক্ষিত নহ’ল; দেউৰী-সোণোৱাল কছাৰী-ঠেঙাল কছাৰী সকলোকে বঞ্চিত কৰা হ’ল—- সদৌ অসম ছাত্ৰ সন্থাই এটাও জাতি-জনগোষ্ঠীৰ দুখৰ সমভাগী নহৈ এই সমষ্টি পুনৰ নিৰ্ধাৰণক ইতিবাচক আৰম্ভণি বুলি ঘোষণা কৰি দিলে!” বুলি আছুক প্ৰশ্ন কৰে গগৈয়ে।
২০২৩ চনৰ অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্বৰ তত্ত্বাৱধানত হোৱা বাবেই আছুৱে ২০০১ চনৰ লোক পিয়লক মানি ল’লে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে ২০২৬ ৰ পাছত আন দলৰ চৰকাৰ আহিলেহে আছুৱে ১৯৯১ চনৰ লোক পিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আন্দোলন কৰিব নেকি? এয়া সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ ওচৰত আত্মসমৰ্পনৰ বাদে অন্য একো নহয় বুলি অখিল গগৈয়ে মত ব্যক্ত কৰে।
২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত কৰাটো মানি লৈ ২০২৬ চনৰ পাছৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ১৯৯১ চনৰ লোক পিয়লৰ ভিত্তিত কৰিব লাগিব বুলি দাবী কৰা কথাটো অতিশয় হাস্যকৰ। ছাত্ৰ সংগঠনটোৰ বিজেপি চৰকাৰৰ জাতিদ্ৰোহী কাম-কাজৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া মৌনতা আৰু কালিৰ সংবাদ মেলত কৰা এনে অদ্ভূত দাবীৰ পাছত অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ জাতীয় সংগঠনটোৰ প্ৰতি ৰাজ্যখনৰ জনতাৰ সদ্ভাৱ যে সংকুচিত হ’ব সেয়া নিশ্চিত।
আছুৰ কালিৰ এনে অদ্ভূত স্থিতিৰ পাছত অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাই সমষ্টি পুনৰ নিৰ্দ্ধাৰণ বিষয়ত সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন নকৰিবনে বুলি ৰাইজৰ দলৰ সভাপতিজনে উদ্বেগ প্ৰকাশ কৰে। গগৈয়ে কয় যে কালিৰ অদ্ভূত স্থিতিৰ পাছত জাতীয় সংগঠনটোৰ প্ৰতি ৰাইজৰ ধাৰণা যে বেয়া হ’ব সেয়া খাটাং।আছুৰ এই স্থিতি সঁচাই অসমৰ জাতীয় জীৱনৰ বাবে ক্ষতিকাৰক বুলি ইতিহাসে সদায় মনত ৰাখিব বুলি বিবৃতিটোত কোৱা হৈছে। সদৌ অসম ছাত্ৰ সন্থাক তেখেতসকলৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ অখিল গগৈয়ে আহ্বান জনাইছে।