NORTHEAST NOW (Assamese)
অসম

পুৰাতত্ত্ব বিভাগৰ বিৰুদ্ধে ক্ষোভ : ঐতিহাসিক তলাতল ঘৰত তলা লগালে আটাছুৱে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 11, 2020 2:30 pm
FB_IMG_1605080124004

শিৱসাগৰৰ ঐতিহাসিক সমলৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰা পুৰাতত্ব বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

দীৰ্ঘদিন ধৰি শিৱসাগৰৰ ঐতিহাসিক তলালত ঘৰৰ চাৰিসীমাৰ ভিতৰত চলি থকা বেদখল উচ্ছেদ কৰাৰ দাবীত আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকে তলাতল ঘৰৰ প্ৰৱেশ দ্বাৰত তলা লগাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে ঐতিহাসিক তলাতল ঘৰৰ চৌহদত গৰু ছাগলীৰ মুক্ত বিচৰণ কৰি লগতে লগতে পুৰাতত্ব বিভাগৰ অধীনত থকা এই তলাতল ঘৰৰ চৌহদৰ মাটি কিনা বেচা হোৱাৰ অভিযোগ কৰিছে আটাছুৱে।

যদি শিৱসাগৰ জিলা প্ৰশাসন তথা পুৰাতত্ত্ব বিভাগে অনতি পলমে এই বেদখল উচ্ছেদ নকৰে তেন্তে আটাছুৱে নিজাববীয়াকৈ ব্যৱস্থা লব বুলি জানিবলৈ দিয়ে আটাছুৰ কেন্দ্ৰীয় উপ সভাপতি বসন্ত গগৈয়ে।

তেওঁ লগতে কয়,  ইয়াৰ ফলত যিকোনো অপ্ৰতিকৰ ঘটনা সংঘটিত হলে তাৰবাবে আটাছু দায়ী নহয় বুলি স্পষ্ট কৰি দিয়ে।