NORTHEAST NOW (Assamese)

চীনৰ কৱলত পৰা অৰুণাচলী কিশোৰক কৰা হৈছিল শাৰিৰীক নিৰ্যাতন, ইলেক্ট্ৰিক শ্বক্; অভিযোগ পিতৃৰ

February 2, 2022 8:27 am · এন ই নাও নিউজ, গুৱাহাটী

অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা কিছুদিন পূৰ্বে চীনা সেনাই কৰায়ত্ত কৰা অৰুণাচলৰ কিশোৰ মিৰাম টাৰনক সেনাৰ জিম্মাত কৰা হৈছিল অমানুষিক শাৰীৰিক নিৰ্যাতন। এই অভিযোগ উত্থাপন কৰিছে টাৰনৰ পিতৃয়ে।

টাৰনৰ পিতৃ ওপাং টাৰনে কয় যে চীনা সৈন্যই মিৰাম টাৰনক বন্দী কৰি নিজৰ জিম্মাত ৰখা অৱস্থাত শৰীৰৰ পিছফালে আঘাত কৰাৰ লগতে ইলেক্ট্ৰিক শ্বক্ দিছিল।

উল্লেখ্য যে ১৭ বছৰীয়া মিৰামক ১৮ জানুৱাৰীত চীনা সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ লুংটা জোৰ অঞ্চলৰ পৰা সীমা অতিক্ৰম কৰাৰ অভিযোগত কৰায়ত্ত কৰিছিল।

পিছত চীনা সেনাই ২৭ জানুৱাৰীত আনজাও জিলাৰ কিবিথুৰ ৱাচা-দামাইত মিৰামক ভাৰতীয় সেনাক হস্তান্তৰ কৰে।

সোমবাৰে সন্ধিয়া উজনি চিয়াং জিলাৰ টুটিংত এক অনুষ্ঠানত ভাৰতীয় সেনাই মিৰাম টাৰনক তেওঁৰ পিতৃ-মাতৃৰ সৈতে পুনৰ মিলিত কৰে।

ঘৰলৈ উভতি অহাৰ পিছত স্থানীয় প্ৰশাসন আৰু পঞ্চায়ত নেতাসকলে মিৰামক উষ্ম আদৰণি জনায়।

মিৰামৰ দেউতাক ওপাং টাৰনে কয় যে তেওঁৰ পুত্ৰ মানসিকভাৱে ভাগৰি পৰিছিল। এই সমগ্ৰ ঘটনাটোৰ বাবে তেওঁ যথেষ্ট ভয় খাইছিল।

চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ জিম্মাত থকা অৱস্থাত তেওঁক এসপ্তাহতকৈও অধিক সময় বান্ধি ৰখা হৈছিল আৰু চকুত পটি বান্ধি ৰখা হৈছিল বুলি অভিযোগ কৰে মিৰামৰ পিতৃয়ে।

“মিৰাম এতিয়াও হতবাক হৈ আছে। জিম্মাত থকা সময়ত মিৰামক শৰীৰৰ পিছফালে লাথি মাৰিছিল আৰু আৰম্ভণিতে মৃদু বৈদ্যুতিক শ্বক দিয়া হৈছিল।”- ওপাং টাৰণে কয়।

তেওঁ লগতে কয়, “বেছিভাগ সময় মিৰামক চকুত পটি বান্ধি ৰখা হৈছিল। খোৱাৰ সময়তহে তেওঁলোকে মিৰামক খুলি দিছিল। অৱশ্যে তেওঁলোকে মিৰামক পৰ্যাপ্ত খাদ্য প্ৰদান কৰিছিল।” অনুষ্ঠানটোত সাংবাদিকসকলক ওপাং টাৰনে কয়।

Related News