NORTHEAST NOW (Assamese)
অসম

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন : ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ বৰ্ণাঢ্য আয়োজন

Posted by: মুকুট দাস September 3, 2018 10:53 am
Yumnam Khemchand Singh hoding the flag

এছিয়ান গেইমছত অসম কন্যা হিমা দাসৰ সাফল্যত উৎসাহিত হৈ ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে কিনকিনিয়া বৰষুণৰ মাজতে ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসমৰ প্ৰথম গৰাকী অৰ্জন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

মণিপুৰ বিধানসভাৰ অধ্যক্ষ তথা অসমত টাইকোৱানডোক আগবঢ়াই নিয়াৰ আঁৰৰ মূল ব্যক্তি হিচাপে পৰিচিত য়ুমনাম খেমচান্দ সিঙে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ পতাকা জোকাৰি মহানগৰীৰ চানমাৰিৰ পৰা আৰম্ভ হোৱা সমূহীয়া দৌৰৰ শুভাৰম্ভ কৰে।

অভিৰুচি ক্ৰীড়া দিৱস
মহানগৰীত অভিৰুচি দিৱসৰ কাৰ্যসূচীৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

শিশুসকলৰ মাজত ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি সিঙে কয়, ‘’ গাঁও অঞ্চলসমূহ বহুতো অনাৱিস্কৃত প্ৰতিভা লুকাই আছে। আমি সেই বিলাকক উলিয়াই আনিব লাগিব আৰু সুযোগ তথা সা-সুবিধা আগবঢ়াব লাগিব।‘’

সমূহীয়া দৌৰৰ সমাৱেশত ভাষণ দি অৰ্জুন ভোগেশ্বৰ বৰুৱাই কয়, ‘’ সময় পৰিৱৰ্তন হৈছে। আমি আমাৰ খেলক আগবঠাই নিয়াৰ বাবে চৰকাৰী সাহায্য তথা সা-সুবিধাৰ পৰা বঞ্চিত হৈছিলো। কিন্তু এতিয়া চৰকাৰেও ক্ৰীড়াত গুৰুত্ব দিছে। ই এক ভাল লক্ষণ।‘’

এছিয়ান গেইমছত হিমা দাসে লাভ কৰা সাফল্যই শিশুসকলৰ মাজত সৃষ্টি কৰা নতুন অনুপ্ৰেৰণাৰ বিষয়ে উল্লেখ কৰি বৰুৱাই কয়, ‘’হিমাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমি তাক প্ৰশংসা কৰিছো। এতিয়া আমি হিমাৰ দৰে অধিক প্ৰতিভা বিচাৰি উলিয়াব লাগিব। মই নিশ্চিত যে ৰাজ্যখনত বহু প্ৰতিভা আছে। কিন্তু আমি সেইসকলক চিনাক্ত কৰিব পৰা নাই।‘’

সমূহীয়া দৌৰত চৰকাৰী বিদ্যালয়, ব্যক্তিগত বিদ্যালয় আৰু ক্ৰীড়া সংঘসমূহৰ পৰা  প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ৰাতিপুৱা প্ৰায় ৭-৩০ বজাত চানমাৰিৰ পৰা আৰম্ভ হোৱা সমূহীয়া দৌৰ নেহৰু ষ্টেডিয়ামত সামৰণি পৰে।

সোমবাৰে ৰাজ্যখনৰ ১২১ টা স্থানত অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে শাৰীৰিক অনুশীলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে এই সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছিল।