NORTHEAST NOW (Assamese)

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ গৃহ জিলা শিৱসাগৰতো আজি পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস

September 3, 2021 1:43 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

আজি তিনি চেপ্তেম্বৰ। তিনি চেপ্তেম্বৰ দিনটোতে ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস।

সমগ্ৰ ৰাজ্যৰ লগতে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ গৃহ জিলা শিৱসাগৰতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস।

শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলেনেৰে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই অগ্নিশিখা প্ৰজ্বলন কৰি সমুহীয়া দৌৰ অনুষ্ঠিত কৰা হয়। ৰংপুৰজ্যোতি ক্লাৱৰ পৰা আৰম্ভ কৰি এই দৌৰ শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত কিম্বদন্তী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অন্ত পৰে।

অনুষ্ঠানত বহু সংখ্যক ক্ৰীড়া প্ৰেমীৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে অতি উলহমালহেৰে পালন কৰি অহা হৈছে যদিও যোৱা দুটা বছৰ ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে এই দিৱস পালনত কিছু ব্যাঘাত হৈছিল।

৩ চেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত জন্ম লাভ কৰা ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমচত ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি ভাৰতলৈ সুনাম কঢ়িয়াই আনিছিল। যাৰ বাবে তেওঁক সেই বছৰেই ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল।

তেতিয়াৰে পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে।

Related News