NORTHEAST NOW (Assamese)

বিজেপিয়ে “কা” খনক জুমলাৰ দৰে ব্যৱহাৰ কৰিছে : অভিষেক বেনাৰ্জী

May 11, 2022 7:59 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

“বিজেপিয়ে “কা” খনক জুমলাৰ দৰে ব্যৱহাৰ কৰিছে। সেয়া সকলো জনতাৰ চকুৰ সন্মুখত স্পষ্ট”। গুৱাহাটীৰ জয়ানগৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্য্যালয় উদ্বোধন কৰি সাংবাদিকৰ আগত এইদৰে কয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে।

ইপিনে, ২০১৯ চনৰ ডিচেম্বৰ মাহতে কা খন বিজেপিয়ে আইনত পৰিণত কৰিলে বুলি উল্লেখ কৰি বেনাৰ্জীয়ে লগতে কয় “এখন বিল আইনত পৰিণত হ’লে নীতি-নিয়মখিনি কাৰ্য্যকৰী কৰিবলৈ খুব বেছি ৬ মাহৰ প্ৰয়োজন হয়। কিন্তু এতিয়া এই বৰ্ষৰ অক্টোবৰ মাহলৈকে আইনখন বলবত কৰিবলৈ সময় বিচাৰিছে বিজেপিয়ে। পশ্চিমবংগত কোভিড শেষ হোৱাৰ পাছত কা কাৰ্যকৰী কৰিম বুলি ক’লে আৰু অসমত আহি ‘কা’ ৰ কথা মুখতে নানিলে অমিত শ্বাহে। বিজেপিৰ দুতলীয়া স্থিতি ৰাইজে বুজি পাইছে । জুমলাবাজি দেখুৱাবলৈ কা ৰ কথা কয় বিজেপিয়ে”।

তৃণমূল কংগ্ৰেছে কা খন পূৰ্বৰে পৰা বিৰোধ কৰি আহিছে বুলি বেনাৰ্জীয়ে দাবী কৰে।

তেওঁ লগতে কয় “১৬০০-১৭০০ কোটি ৰাইজৰ টকা খৰচ কৰি প্ৰায় ৫ বছৰৰ পাছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পালে যদিও যিসকলৰ নাম অন্তৰ্ভুক্ত হ’ব লাগিছিল তেওঁলোকৰ নহ’ল, যিসকলৰ নাম বাহিৰ হ’ব লাগিছিল তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ’ল। অসমৰ মুখ্য মন্ত্ৰীয়েই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ কৰাৰ কথা কয়। বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য পুৰণ কৰিবলৈহে ‘কা খন ব্যৱহাৰ কৰিছে।

আনহাতে, মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি তেওঁ কয় “২০১৪ চনত বিজেপিক ভোট দি ২০২২ ত মানুহে ভাবিছে কিয় বিজেপিক ভোট দিলে? আমি এনেকুৱা এখন দেশত বাস কৰো য’ত চিনেমা কৰ মুক্ত কৰা হয় আৰু ঔষধ পেট্ৰ’ল-ডিজেল আৰু মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীত অত্যাধিক কৰ আৰোপ কৰা হয়”।

Related News