NORTHEAST NOW (Assamese)
অসম

এনফোৰ্চমেণ্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিলে আইএএছ বিষয়া পূজা সিংঘলক ? কিন্তু কিয়?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 11, 2022 6:55 pm

অৱশেষত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ঝাৰখণ্ডৰ মহাপ্ৰতাপী মহিলা আই এ এছ বিষয়া পূজা সিংঘল।

দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ঝাৰখণ্ডৰ আইএএছ বিষয়া পূজা সিংঘলক আজি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে আজি গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য এনফোৰ্চমেণ্ট সঞ্চালকালয়ে শুকুৰবাৰে ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘল আৰু তেওঁৰ পৰিয়ালকে ধৰি একাধিক চৌহদত অভিযান চলাইছিল।

ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘলৰ বিৰুদ্ধে এমজিএনৰেগা পুঁজি আত্মসাৎ কৰাৰ অভিযোগৰ উত্থাপন হৈছিল।

২০০৮-১১ বৰ্ষত ৰাজ্যখনৰ খুণ্টি জিলাত উপায়ুক্ত হিচাপে নিযুক্ত হৈ থকাৰ সময়তে ২০ কোটি টকাৰ এমজিএনআৰইজিএ পুঁজি আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পিছতে বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছিল।

ইডিয়ে ৰাজ্যখনৰ ৰাজধানী ৰাঁচীত তালাচী চলাই দুটা চৌহদৰ পৰা মুঠ ১৯.৩১ কোটি টকা নগদ ধন জব্দ কৰিছিল৷ ৰাঁচীস্থিত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰৰ চৌহদৰ পৰা প্ৰায় ১৭.৫১ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল ।
আইএএছ বিষয়া আৰু তেওঁৰ পৰিয়ালৰ লোকে পুঁজিৰ ধন আত্মসাৎ কৰাত উক্ত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰগৰাকীয়ে সহায় কৰাৰ অভিযোগ উঠিছিল।