NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

উৎসৱৰ বতৰত আমেৰিকাত ধৰ্মঘটত বহিল প্ৰায় ১৫ হাজাৰ কৰ্মচাৰী : লোকচানৰ সন্মুখীন দুটা বিখ্যাত কোম্পানী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 22, 2024 4:18 pm

বৰদিনৰ পূৰ্বে আমাজন (ষ্টাৰবাকছ)ৰ দৰে জনপ্ৰিয় কোম্পানীৰ শ্ৰমিকৰ ধৰ্মঘটৰ বাবে চিন্তিত হৈ পৰিছে আমেৰিকা প্ৰশাসন।

এই উৎসৱৰ বতৰত শ্ৰমিকসকলে ধৰ্মঘট এৰি কামলৈ ঘূৰি নাহিলে কোম্পানীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হব পাৰে।

আমাজনৰ প্ৰায় ৭,০০০ গিগ কৰ্মীয়ে আৰু ষ্টাৰবাকছৰ প্ৰায় ৮,০০০ শ্ৰমিকে মজুৰি বৃদ্ধি, কৰ্মক্ষেত্ৰৰ অৱস্থা উন্নত কৰা, আৰু নিশ্চিত সুবিধাকে ধৰি একাধিক দাবীৰ বাবে ধৰ্মঘটৰ আহ্বান জনাইছে। লগতে ৫ দিনলৈ এই ধৰ্মঘট অব্যাহত থাকিব বুলিও সকীয়াই দিছে।

দীৰ্ঘদিন ধৰি মালিকসকলে দাবী পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে। ইফালে মজুৰি বৃদ্ধি হোৱা নাই।

উল্লেখ্য যে এই বছৰত এতিয়ালৈকে ষ্টাৰবাকছে প্ৰায় ১০ কোটি ডলাৰ লাভ কৰিছে যদিও শ্ৰমিকৰ মজুৰি একেই আছে। সেইবাবেই তেওঁলোকে ধৰ্মঘটৰ পথ বাছি লৈছে।

জানিব পৰা মতে, আমেৰিকাৰ চিকাগো, লছ এঞ্জেলছৰ দৰে বৃহৎ চহৰৰ কৰ্মচাৰীসকলে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব।

শ্ৰমিক সংঘৰ সূত্ৰ অনুসৰি ধৰ্মঘটৰ পৰিসৰ বৃদ্ধি পাব। ষ্টাৰবাকছ ৱৰ্কাৰছ ইউনাইটেডৰ মতে, এই ধৰ্মঘটৰ ফলত আমেৰিকাৰ আন ৫০০টা স্থানত প্ৰভাৱ পৰিব।

ষ্টাৰবাকছৰ কৰ্মীৰ লগতে আমাজনৰ গিগ কৰ্মীসকলেও ধৰ্মঘট কৰিছে। শ্ৰমিক সংগঠন ‘টিমষ্টাৰছই কয় যে তেওঁলোকৰো একে সমস্যা আছে। তেওঁলোকৰ দৰমহা বৃদ্ধি হোৱা নাই।

টিমষ্টাৰছৰ সভাপতি শ্বেন অব্ৰাইনে কয় যে, ‘ধৰ্মঘটৰ সময়ছোৱাত গ্ৰাহকৰ ডেলিভাৰী সময়মতে নহলে আমাজন দায়বদ্ধ হব। কাৰণ আমাজন কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰিব নিবিচাৰে।