Flood in Assam: অৱশেষত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান; বৰনদীৰ বুকুত আৱদ্ধ ১৪টা পৰিয়ালক উদ্ধাৰ
অৱশেষত শ্বাসৰুদ্ধকৰ পৰিবেশৰ অন্ত পেলাই বৰনদীৰ বুকুত আবদ্ধ তামুলপুৰ জিলাৰ ২ নং ডোঙৰগাঁওৰ ১৪ টাকৈ পৰিয়ালৰ অৰ্ধ শতাধিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় সেনা বাহিনী, গোৰেশ্বৰ শিখৰ এডভেনশ্বৰ ক্লাব, গ্ৰীণটেক বগামাটি এডভেনশ্বৰ ক্লাৱৰ উদ্ধাৰকাৰী দলৰ অভিযানত উদ্ধাৰ কৰা হয় এই লোকসকলক।
বৰনদীৰ মথাউৰী ভাঙি যোৱাৰ ফলত নদীৰ বুকুত আবদ্ধ হৈ পৰিছিল শিশু-মহিলা সহ ১৪ টাকৈ পৰিয়ালৰ অৰ্ধ শতাধিক লোক।
তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাসৰ তৎপৰতাত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চলা অভিযানত নিৰপদে উদ্ধাৰ কৰা হয় জলবন্দী হৈ থকা লোক সকলক।
শুকুৰবাৰে দিনৰ ভাগৰ পৰাই এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও নৈখনৰ পানীৰ তীব্ৰ সোঁতৰ বাবে সন্ধিয়ালৈকে উদ্ধাৰ অভিযান ব্যৰ্থ হয়।
সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে তামুলপুৰৰ অময়াপুৰ, চলিকান্দা, চাপাতল, হাঁহকাটা, বালাবাৰী, মাদাৰবাৰী আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল।
আজিও এই অঞ্চলসমূহৰ বহু লোক জলবন্দী হৈ আছে।