NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিৰ প্ৰতিবাদ এবছুৰ

July 1, 2019 9:22 pm · ৰিনয় বসুমতাৰী

ঐতিহাসিক বড়ো চুক্তি অনুসৰি কোকৰাঝাৰৰ বালাগাঁৱত স্থাপিত হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টিৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি এবছুৰ উদ্যোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰখৰ ৰ’দকো নেওচি এবছুৰ কৰ্মী সমৰ্থকে আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ চি আই টিৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান গ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মূলত নাম ভৰ্তিকৰণত ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি, সংৰক্ষণ নীতি মানি চলা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত এবছুৱে আজিৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ধৰ্মঘটৰ অন্তত এবছুৰ মুখাপত্ৰ জয়ন্ত বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত চি আই টি সঞ্চালকৰ আওকণীয়া মনোভাৱক সমালোচনা কৰি ডিপ্লোমা কৰ্চতে ১২ হাজাৰ টকাৰ পৰা একেকোবে ৪০ হাজাৰ টকালৈ মাচুল বৃদ্ধি কৰাৰ অভিযোগ আনে।

বি টি চি চুক্তি অনুসৰি স্থাপিত হোৱা চি আই টিৰ সংৰক্ষণ নীতি নমনাৰ অভিযোগ তুলি জয়ন্ত বসুমতাৰীয়ে কয় যে সংৰক্ষণ নীতি নমনাৰ বাবে আৰু অত্যাধিক হাৰত মাচুল বৃদ্ধিৰ পৰিণতিতে বি টি এ ডি এলেকাৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈছে। সেয়ে অহা ৪ জুলাইৰ পূৰ্বে চি আই টিক উক্ত খেলিমেলিসমূহ আঁতৰ কৰিবলৈ এবছুৱে দাবী জনায়।

Related News