NORTHEAST NOW (Assamese)
দেশ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যৰ সমৰ্থনত মাস্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2024 6:04 pm
Elon Musk IUNSC

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে স্থান পাব লাগে ভাৰতে। এই মত বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি ইলন মাস্কৰ।

মাস্কে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অনুপস্থিতিক অৰ্থহীন, এক কথাত আশ্বৰ্যকৰ বুলি অভিহিত কৰিছে।

তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ বৰ্তমানৰ গাঁথনিৰ পুনৰীক্ষণৰ প্ৰয়োজন বুলিও মত প্ৰকাশ কৰে।

এক টুইটত মাস্কে কয়, “কিছু ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ পুনৰীক্ষণৰ প্ৰয়োজন। সমস্যাটো হ’ল অতিৰিক্ত ক্ষমতা থকাসকলে এৰি দিব নিবিচাৰে।”

“পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হোৱাৰ পিছতো ভাৰতৰ নিৰাপত্তা পৰিষদত স্থায়ী আসন নথকাটো অৰ্থহীন।”- তেওঁ লগতে কয়।

তদুপৰি তেওঁ আফ্ৰিকাই সামূহিকভাৱে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ সংস্থাটোৰ স্থায়ী সদস্যপদ লাভ কৰিব লাগে বুলিও পোষকতা কৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে স্বীকৃতিৰ বাবে ভাৰতে বহু বছৰ ধৰি দাবী আগবঢ়াই আহিছে।

কিন্তু এই ক্ষেত্ৰত ভাৰত প্ৰতিৰোধৰ সন্মুখীন হৈছে। মূলতঃ চীনে ভাৰতৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নিজৰ ভেটো ক্ষমতা ব্যৱহাৰ কৰি আহিছে।

ইয়াৰ পিছতো অৱশ্যে আমেৰিকা আৰু ফ্ৰান্সকে ধৰি অন্যান্য স্থায়ী সদস্যই ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰিছে।