NORTHEAST NOW (Assamese)

এন আৰ চিৰ গইনালৈ জাতীয় সংগঠনে ‘দোকান’ চলোৱাৰ অভিযোগ ABVPৰ

August 21, 2019 7:26 pm · পার্শ্বজোতি গগৈ
Updated: August 25, 2019 4:31 pm

অহা ৩১ আগষ্টত প্ৰকাশ পাব লগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ মুঠেই সন্তুষ্ট নহয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পি (ABVP)।

প্ৰকাশৰ অন্তিম পৰ্য্যায়ত থকা এন আৰ চিক ‘আসোঁৱাহপূৰ্ণ’ বুলি দাবী কৰি যোৱা কিছুদিনৰ পৰা আৰ এছ এছৰ ছাত্ৰ সংগঠনটোৱে অসমৰ ভিবিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ইয়াৰ অংশ হিচাপে আজি (২১ আগষ্ট) সংগঠনটোৱে শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰকাশ পাবলগীয়া এন আৰ চি খন অসমৰ বাবে ‘অতি ভয়ানক হ’ব’ বুলি উল্লেখ কৰি ৰাইজক ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কাম চলি থকা এন আৰ চিয়ে ‘স্বদেশীক বিদেশী আৰু বিদেশীক স্বদেশী কৰিবলৈ গৈ আছে’ ABVPৰ এগৰাকী ৰাজ্যিক কাৰ্যবাহী সদস্যৰ মন্তব্য।

গতিকে, ১০০ শতাংশ পুনৰীক্ষণ নোহোৱাকৈ কোনো কাৰণত ৩১ তাৰিখে এন আৰ চি প্ৰকাশ পাব নোৱাৰিব বুলি হুংকাৰ দি তেওঁ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী তোলে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয়, ‘যদি আমাৰ দাবী নামানে, এ বি ভি পি অসম প্ৰদেশে প্ৰতীক হাজেলাক গুৱাহাটীৰ ৰাজপথত দৌৰাই-দৌৰাই খেদি-খেদি পিতিবলৈ কুণ্ঠাবোধ নকৰিব’।

লগতে পঢ়ক আৰম্ভ হ’ল এন আৰ চিৰ বিৰোধিতাত আন্দোলন; প্ৰকাশৰ পূৰ্বেই “আসোঁৱাহপূৰ্ণ” আখ্যা; আৰু এবছৰলৈ সময় বৃদ্ধিৰ দাবী ABVP-ৰ

আনহাতে ৮৫৫জন চহিদৰ কথা কোৱা জাতীয় সংগঠন তথা জাতীয় সংগঠনৰ ‘বাঘা বাঘা নেতা’ এতিয়া নিমাত বুলি অভিযোগ কৰি তেওঁ কয়, ‘জাতিয়াবাদ নামৰ দোকানখনৰ পৰা যি প্ৰাপ্য আদায় হৈ আছে সেয়া বন্ধ হৈ যোৱাৰ ভয়ত তেওঁলোক নিমাত’।

আজিৰ প্ৰতিবাদত ABVPয়ে এন আৰ চিত কৰ্তব্যৰত বহু বিষয়াই ধনৰ বিনিময়ত বহু ‘বাংলাদেশী বিদেশী’ৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে বুলিও অভিযোগ আনে।

সেয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰা ‘খাম খেয়ালী’ আৰু ‘বিসংগতি’ আঁতৰাই এখন ‘শুদ্ধ’, ‘আসোঁৱাহমুক্ত’ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দাবীত শিৱসাগৰৰ উপয়ুক্তৰ জৰিয়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ সংগঠনটোৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে শিৱসাগৰৰ উপৰি আজি গোলাঘাট, শিলচৰ আদি কেইবাখনো ঠাইত ABVPয়ে ‘আসোঁৱাহপূৰ্ণ’ এন আৰ চিৰ বিৰোধিতাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Related News