NORTHEAST NOW (Assamese)
অসম

কাইলৈৰ পৰা অনলাইন যোগে কিনিব পাৰিব ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়াৰ টিকট

Posted by: এন ই নাও নিউজ October 10, 2018 9:41 am
barsapara-570x320

অহা ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলৰ বাবে সাজু হৈ উঠিছে অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰা ষ্টেডিয়াম।

মঙলবাৰে এই কথা সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিলয় দত্ত, সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ শইকীয়াই। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন সংবাদমেলত এ চি এৰ বিষয়ববীয়া সকলে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া খেলখন দিনৰ ঠিক ১২-৩০ বজাৰ পৰা আৰম্ভ হ’ব বুলি জনায়।

ইফালে, এদিনীয়া খেলখনৰ বাবে টিকট অনলাইনযোগে বিক্ৰী কৰা হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে আয়োজক অসম ক্ৰিকেট সন্থাই। অহা ১১ অক্টোবৰৰ দিনৰ ১২ বজাৰ পৰা ক্ৰিকেট অনুৰাগীসকলে ‘বুক মাই শ্ব’ যোগে টিকট সমূহ ক্ৰয় কৰিব পাৰিব।

price

উল্লেখযোগ্য যে টিকটৰ সৰ্বনিম্ন মূল্য ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ টিকটৰ মূল্য হৈছে ক্ৰমে ১২৫০, ১৫০০, ১৭৫০, ২০০০, ২২৫০, ২৫০০, ৪০০০ আৰু ৪৫০০ টকা। প্ৰতিজন দৰ্শকে সৰ্বাধিক চাৰিটাকৈ টিকট ‘বুক মাই শ্ব’ যোগে ক্ৰয় কৰিব পাৰিব বুলি এ চি এৰ বিষয়ববীয়াসকলে কালিৰ সংবাদমেলত স্পষ্ট কৰি দিয়ে।

২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দল দুটা ১৭ অক্টোবৰতে গুৱাহাটীত আহি উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।

ইফালে কালি অসম ক্ৰিকেট সন্থাই সদৰী কৰা টিকটৰ মূল্যক লৈ ক্ৰিকেট প্ৰেমীসকল মুঠেই সন্তুষ্ট নহয়। আশা কৰাতকৈ টিকটৰ মূল্য বহু পৰিমানে বেছিকৈ ধাৰ্য কৰা হোৱা বুলি ক্ৰিকেটানুৰাগীসকলে ফেইচবুকৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি বহুতো ক্ৰিকেট প্ৰেমীয়ে টিকটৰ মূল্য সম্পৰ্কত নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈও এ চি এক আহ্বান জনায়।