NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত পতিত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন : কথমপি ৰক্ষা বৰ্তমানৰ বিধায়কগৰাকী

October 10, 2020 6:49 pm · কল্পজ্যোতি শইকীয়া
Updated: October 10, 2020 8:49 pm

প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ বাহনখন দুৰ্ঘটনাত পতিত হৈছে।

নগাঁওৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ আহি থকা অৱস্থাত ৰহাৰ ফুলগুৰিত দুৰ্ঘটনাত পতিত হয় ৰকিবুল হুইছেনৰ বাহখন।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বিধায়ক ৰকিবুল হুছেইনৰ।

সামান্য পৰিমাণে হাতত আঘাত পাই হুছেইনে। অৱশ্যে হুছেইনৰ গাড়ীচালকজন গুৰুত্বৰভাবে আহত হৈছে। তেওঁৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

তেওঁক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তীব্ৰবেগী ইনোভা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। যাৰ ফলত বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যায়।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS 01BZ0786 । বাহনখনত ৰকিবুল হুছেইন আৰু দুজন পি এছ অ’ আছিল।

বিয়লি প্ৰায় ৫ বজাত এই সংঘটিত হয় দুৰ্ঘটনাটো।

Related News