NORTHEAST NOW (Assamese)
গুৱাহাটী

পুৱতি নিশা গুৱাহাটী মহানগৰীত দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্য : মহতিয়াই নিলে এজনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2025 8:36 am

পুৱতি নিশা গুৱাহাটী মহানগৰীত দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্ম্য।

দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে এজন পথাচাৰীক।

লগতে মহতিয়াই নিলে আন তিনিখন বাহন।

মহানগৰীৰ জি এছ ৰোডত সংঘটিত হৈছে এই ঘটনা।

ডাম্পাৰ চালকজনে অত্যধিক সুৰাপান কৰি এই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, এছ এছ ২৫ চি চি ৬৮৫৬ নম্বৰত পঞ্জীয়নকৃত ডাম্পাৰখনে এই ঘটনা সংঘটিত কৰে।

আহত পথাচাৰীজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোওৱা হৈছে।