NORTHEAST NOW (Assamese)
অসম

জলকীয়াৰ আছে আচৰিত উপকাৰ, কি কয় গৱেষণাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 5:37 pm
190724_chilli_full

আপুনি যদি জলকীয়া খাই ভাল নাপায় তেনেহ’লে অভ্যাস সলনি কৰক। জীৱনৰ লগতে খাদ্য তালিকাতো কিছু মচলা জলা তথা জলকীয়া অন্তৰ্ভুক্ত কৰিলে ই আপোনাৰ বাবে উপকাৰী প্ৰমানিত হ’ব পাৰে।

গৱেষণা অনুসৰি, মচলাযুক্ত আৰু জলকীয়াৰ জলা সোৱাদে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হৃদ পিণ্ডৰ সৈতে জড়িত বহুতো ৰোগৰ পৰা বিপদমুক্ত কৰে।

এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে জাৰ্ণেল অফ আমেৰিকান কলেজ অফ কাৰ্ডিঅ’লজিত।

এই অধ্যয়ন ২৩ হাজাৰ লোকৰ ওপৰত চলোৱা হৈছিল। গৱেষকসকলে সন্ধান পাইছে যে যদি নিয়মিতভাৱে জলকীয়া খোৱা হয়, তেতিয়াহ’লে ষ্ট্ৰোকৰ সম্ভাৱনা ৬১ শতাংশ, হাৰ্ট এটেকৰ সম্ভাৱনা ৪০ শতাংশ আৰু ৰক্তহীন হৃদৰোগত মৃত্যুৰ সম্ভাৱনা ৪৪ শতাংশ হ্ৰাস পায়।

জলকীয়া ইমান শক্তিশালী কিয়? শুকান জলকীয়াত কেপছাচিন নামৰ এবিধ ৰসায়ন থাকে যিয়ে শৰীৰৰ জ্বলন-পোৰণ হ্ৰাস কৰাত সহায় কৰে।

এই গৱেষণাৰ চিকিৎসকৰ মতে, ‘মানুহৰ খাদ্য সম্ভাৰ স্বাস্থ্যকৰ হয় নে নহয়, সেয়া কোনো কথা নহয়। মাত্ৰ খাদ্যত জলকীয়াৰ অন্তৰ্ভুক্তিয়ে স্বভাৱসিদ্ধভাৱে মৃত্যুৰ সম্ভাৱনা হ্ৰাস কৰে।

আন ভাষাত, এজন ব্যক্তিয়ে এক স্বাস্থ্যসন্মত মজলীয়া প্ৰকাৰৰ খাদ্যসম্ভাৰ খোৱা আৰু আন কম স্বাস্থ্যসন্মত খাদ্যসম্ভাৰ খোৱা এগৰাকী ব্যক্তিৰ দুয়োগৰাকীয়ে যদি জলকীয়া খায় তেনেহ’লে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমানে হ্ৰাস পাব।

প্ৰতিবেদনত সদৰী কৰা হৈছে যে যিসকলে সপ্তাহত চাৰিবাৰ জলকীয়া খায়, তেওঁলোকৰ মাজত একেবাৰে জলকীয়া নোখোৱা লোকৰ তুলনাত হৃদৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা বহু কম।

আন কিছুমান অধ্যয়নত দেখা গৈছে যে শুকান জলকীয়াৰ ব্যৱহাৰে কেন্সাৰ আৰু ডায়েবেটিজৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ কাৰণ জলকীয়াই অন্ত্ৰত অন্ত্ৰ বেক্টেৰিয়াৰ বিকাশ ঘটায় আৰু লগতে ওজন নিয়ন্ত্ৰণ কৰে।