NORTHEAST NOW (Assamese)

#AchapterforNE :উত্তৰ পূৰ্বাঞ্চলক কৰি অহা বঞ্চনাৰ বিৰুদ্ধে টুইটাৰত ছাত্ৰ সংগঠনৰ হেছটেগ

June 4, 2021 10:00 pm · এন ই নাও নিউজ

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দেশৰে একাংশ লোকে পোষণ কৰি অহা অৱহেলাৰ মনোভাৱৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠিছে ৩০ টাতকৈও অধিক ছাত্ৰ সংগঠন।

 

সেয়ে টুইটাৰত #AchapterforNE আৰু #NortheastMatters হেছটেগৰ জৰিয়তে ছাত্ৰ সংগঠন কেইটাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দেশবাসীৰ মনোভাৱ তথা দৃষ্টিভংগীৰ সলনি কৰিবলৈ চেষ্টা চলাইছে।

 

শেহতীয়াকৈ পৰশ সিং নামৰ ইউটিউবাৰ জনে লোকসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক নিনং ইৰিঙক অনা-ভাৰতীয় বুলি কোৱাৰ লগতে অৰুণাচলক চীনৰ অংশ হিচাবে অভিহিত কৰিছে।

 

ইউটিউবাৰ জনৰ এনে ধৃষ্টতাৰ পিছতে ছাত্ৰ সংগঠন কেইটাই টুইটাৰত এনে হেছটেগ ব্যৱহাৰ কৰিছে। ছাত্ৰ সংগঠন কেইটাই দেশৰ বুৰঞ্জীৰ পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি,ইতিহাসৰ বিষয়ে অধিক তথ্য অন্তৰ্ভূক্ত কৰাৰো দাবী উত্থাপন কৰিছে।

 

টুইটাৰত সৃগঠন কেইটাই প্ৰকাশ কৰা পোষ্টাৰত এইবুলি কোৱা হৈছে ‘ বৰ্ণ বৈষম্যবাদী মনোভাৱৰ গুৰি কথা হৈছে অজ্ঞানতা।

 

সেয়ে আমাৰ বুৰঞ্জী, জীৱনশৈলী, ব্যক্তিক্ত, প্ৰাকৃতিক সম্পদ , দেশপ্ৰেম আদিৰ কথা NCERT ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিব লাগে।

Related News