NORTHEAST NOW (Assamese)

মহিলাৰ সৈতে কেতিয়াও নকৰিব এনে কাম, নহলে হ’ব সর্বনাশ! কি কয় চাণক্য নীতিয়ে

May 30, 2023 6:45 am · এন ই নাও নিউজ, গুৱাহাটী

পৃথিৱীৰ প্ৰাচীন শ্ৰেষ্ঠ দাৰ্শনিকসকলৰ নামৰ কথা আহিলে বহু নাম মনলৈ আহে। কিন্তু এজন ব্যক্তিৰ যদি শ্ৰেষ্ঠ দাৰ্শনিক, ৰাজনীতিবিদ, অৰ্থনীতিবিদৰ বৈশিষ্ট্য থাকে তেন্তে তেওঁ হ’ল এজনেই। তেওঁ হৈছে অৰ্থশাস্ত্ৰৰ ৰচক চাণক্য। তেওঁ অৰ্থশাস্ত্ৰৰ লেখাৰ জৰিয়তে ভাৰতীয় উপমহাদেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ পৰিৱৰ্তন ঘটাইছিল।

চাণক্য নীতিয়ে আমাক বিভিন্ন কথাৰ বিষয়ে অৱগত কৰে। ইয়াত আমি চাণক্যই নাৰীৰ বিষয়ে কি কৈছিল জানিম। চাণক্যৰ নীতিয়ে আজিও বিশ্বৰ কোটি কোটি মানুহক পথ প্ৰদৰ্শন কৰে। আচাৰ্য চাণক্যই নীতিকথাত বহু এনে কথা কৈছে যিবোৰ এজন ব্যক্তিয়ে জীৱন সফল কৰি তুলিবলৈ নিজৰ জীৱনত গ্ৰহণ কৰিব পাৰে। তেওঁ নাৰী সম্পৰ্কে কি কৈছিল চাও আহক।

১) নাৰীক আনৰ হাতত এৰি দিয়া উচিত নহয়: আচাৰ্য চাণক্যই কয় যে ঘৰৰ নাৰীক কেতিয়াও আনৰ ভৰসাত এৰি থৈ যাব নালাগে।

২) নাৰী পুৰুষতকৈ চাৰিগুণ অধিক বুদ্ধিমান: চাণক্যই কৈছে যে নাৰী পুৰুষতকৈ বেছি বুদ্ধিমান। চোকা বুদ্ধিমত্তাৰ বাবে মহিলাসকলে পাৰিবাৰিক দায়িত্ব অতি সুন্দৰভাৱে পালন কৰে। নাৰীয়ে নিজৰ বুজাবুজিৰে প্ৰতিটো সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয়।

৩) নাৰীক শিক্ষিত আৰু সৱলীকৰণ কৰাটো গুৰুত্বপূৰ্ণঃ নাৰীক শিক্ষিত আৰু সৱল কৰি তোলাৰ বিষয়েও আচাৰ্য চাণক্যই কৈছে। নাৰীসকলক স্বয়ংসম্পূৰ্ণ কৰি তুলিলে ঘৰখন আৰু সমাজখন শিক্ষিত আৰু সমৃদ্ধিশালী হ’ব।

Related News