NORTHEAST NOW (Assamese)

চাণক্য নীতি: এইবোৰ কামত নাৰী পুৰুষতকৈ এশ গুণ আগত; অলপো কাষ চাপিব নোৱাৰে পুৰুষে

August 13, 2023 7:51 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰাচীন ভাৰতৰ অন্যতম বিখ্যাত অৰ্থনীতিবিদ, দাৰ্শনিক আৰু ৰাজনীতি বিজ্ঞানী আছিল আচাৰ্য চাণক্য। আচাৰ্য চাণক্যৰ জ্ঞানৰ সমৃদ্ধি এনেকুৱা আছিল যে তেওঁৰ লেখাৰ শতিকা পুৰণি কথাবোৰ আজিও সত্য বুলি প্ৰমাণিত হৈছে। একেদৰে আচাৰ্য চাণক্যই তেওঁৰ গ্ৰন্থখনত নাৰীৰ গুণগত মানৰ বিষয়ে বহু কথা লিখিছে। যিবোৰৰ  পুৰুষে কেতিয়াও ওচৰ চাপিব নোৱাৰে।

চাণক্যই গ্ৰন্থখনত নাৰীৰ কোন গুণৰ বিষয়ে লিখিছে? বা কোন কামত নাৰী পুৰুষতকৈ শ শ গুণ আগবাঢ়ি আছে? সেইবোৰ হ’ল-

সাহসী  

আচাৰ্য চাণক্যই তেওঁৰ গ্ৰন্থত লিখিছে যে পুৰুষতকৈ নাৰী অধিক সাহসী। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা তেওঁলোকৰ অতি শক্তিশালী। কেৱল সেয়াই নহয় পুৰুষতকৈ মহিলা ৬ গুণ বেছি সাহসী। চাণক্যই কয় যে মহিলাৰ সন্মুখত যিকোনো বিপদ আহিলে তেওঁলোকে অতি শক্তিশালীভাৱে চম্ভালি লয়। সেয়ে, পুৰুষে কেতিয়াও সাহসৰ ক্ষেত্ৰত নাৰীক পৰাস্ত কৰিব নোৱাৰে।

আৱেগ আৰু বুদ্ধি

বয়স বঢ়াৰ লগে লগে নাৰী বুদ্ধিমান হৈ পৰে বুলি আচাৰ্য চাণক্যই কৈছে। একে সময়তে পুৰুষতকৈ তেওঁলোকৰ আৱেগ অধিক সৃষ্টি হয়। কিন্তু এই আৱেগ নাৰীৰ বাবে দুৰ্বল বুলি ভবাটো সম্পূৰ্ণ ভুল।

বিশুদ্ধ অন্তৰ

চাণক্য নীতি অনুসৰি অলপতে কান্দি উঠা মহিলাৰ হৃদয় অতি নিৰ্মল। কাৰণ এনে মহিলাসকল অতি আৱেগিক। অৱশ্যে আন মহিলাৰ তুলনাত তেওঁলোকৰ মাজত খং অতি বেছি। কেৱল সেয়াই নহয়, এনে মহিলাই সকলোকে অতি সোনকালে ক্ষমা কৰে। সেয়ে, চাণক্যই কৈছে যে এনে মহিলাৰ লগত বিয়া হোৱাটো এজন ভাগ্যৱান পুৰুষৰ ক্ষেত্ৰতহে ঘটে।

Related News