NORTHEAST NOW (Assamese)

সদৌ অসম মুকলি সাঁতোৰত বোকাখাতৰ দুই কিশোৰীৰ সাফল্য

August 14, 2018 10:45 am · উত্তম শইকীয়া

গোলাঘাটত অনুষ্ঠিত হৈ যোৱা সদৌ অসম মুকলি সাঁতোৰ প্ৰতিযোগিতাত বোকাখাতৰ দুই কিশোৰীৰ সাফল্যই বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

প্ৰতিযোগিতাখনত বোকাখাতৰ এডেচা সাঁতোৰ কেন্দ্ৰৰ হৈ যোগদান কৰা ভাৱনা গগৈয়ে ৫০ মিটাৰ বাটাৰফ্লাই শাখাত সোন, ৫০ মিটাৰ ফ্ৰি ষ্টাইল শাখাত ৰূপ আৰু বেক ষ্ট্ৰ’কৰ ব্যক্তিগত শাখা,  ফ্ৰি ষ্টাইল মেডলি ৰেলীত একোটাকৈ ব্ৰঞ্জৰ পদকেৰে মুঠ ৪ টা পদক লাভ কৰে৷

আনহাতে এই প্ৰতিযোগিতাখনতে বোকাখাতৰ আন এগৰাকী সাঁতোৰবিদ দিশা গৌতমে ৫০ মিটাৰ বেক ষ্ট্ৰ’কত ৰূপৰ পদক আৰু ১০০ মিটাৰ বেক ষ্ট্ৰ’কত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ বোকাখাতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ভাৱনা গগৈ বোকাখাতৰ তনয় জ্যোতি গগৈৰ আৰু দিশা গৌতম বোকাখাতৰ নিৱাসী উৎপল শৰ্মা হাজৰিকাৰ কন্যা৷

বোকাখাতৰ এডেচা সাঁতোৰ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দুয়োগৰাকী কিশোৰী খেলুৱৈৰ সফলতাত সাঁতোৰ কেন্দ্ৰটোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে৷

Related News