NORTHEAST NOW (Assamese)
অসম

ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই দিয়াৰ দাবীত মদাৰখাত চাহ বাগিচাৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Posted by: অভিক চক্ৰবৰ্তী March 25, 2019 8:47 pm
tea workers protest

মদাৰখাত চাহ বাগিচাৰ কৰ্মচাৰী সকলক ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই নিদিয়া কাৰ্যত ক্ষুন্ন হৈ আজি অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) নেতৃত্বত বাগিচাখনৰ কৰ্মীসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এ চি এম এছৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবিন চন্দ্ৰ কেওটে কয়, ‘যোৱা দুবছৰ ধৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই দিয়াত ব্যৰ্থ হৈছে। বাগিচা কৰ্তৃপক্ষই প্ৰায় ২ কোটি টকা আদায় দিব ল’গা হৈছে। আৰু এই ক্ষেত্ৰত কৰ্তৃপক্ষই কোনোন ব্যৱস্থা গ্ৰহণ কৰা নাই’।

তেওঁ লগতে যোৱা আঠ মাহ ধৰি বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক ৰেশ্যনো প্ৰদান কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তদুপৰি বহু শ্ৰমিকে নিজৰ প্ৰাপ্য অবিহনেই মৃত্যুক আঁকোৱালি লোৱা বুলিও কয়।

আনহাতে এই সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক বহুবাৰ জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অসম চাহ মজদুৰ সংঘই।

‘ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই নিদিয়াৰ লগতে ৰেশ্যন নোপোৱাৰ বাবে সাংঘাতিক অসুবিধাৰ সন্মুখীন হৈছো। কিন্তু ইমানৰ পাছতো বাগিচা কৰ্তৃপক্ষই আমাৰ ন্যায্য দাবী সমূহ পূৰণ কৰাত গুৰুত্ব প্ৰদান কৰা নাই’। এইদৰে ভুক্তভোগী বাগিচাৰ কৰ্মচাৰী এজনে মন্তব্য কৰে।

ইফালে এই সম্পৰ্কত ডিব্ৰুগড় জিলাৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা বুলি জনায় অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবিন চন্দ্ৰ কেওটে।

কেওটে লগতে জানিবলৈ দি কয়, ‘এসপ্তাহৰ ভিতৰত যদিহে শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্যবোৰ নাপাই তেন্তে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তোলা হ’ব। অতি সোনকালে শ্ৰমিকসকলৰ সমস্যা সমাধান কৰিবলৈ আমাৰ তৰফৰ পৰা বাগিচা কৰ্তৃপক্ষক অনুৰোধ জনাইছো’।