NORTHEAST NOW (Assamese)
অসম

যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিব ৮ গৰাকী প্ৰাৰ্থী

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 25, 2019 9:40 pm
Representative image

১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিত ৬ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে।

প্ৰাৰ্থী কেইগৰাকীয়ে যোৰহাটৰ উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া ৰশ্মি অপৰাঞ্জি কোৰাটিৰ হাতত নিজৰ নিজৰ মনোনয়ন পত্ৰসমূহ দাখিল কৰে। আজি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল হৈছে বিজেপি দলৰ তপন কুমাৰ গগৈ, এ আই এফ বিৰ ৰাজকুমাৰ দুৱৰা, এন পি পিৰ কমলা ৰাজকোঁৱৰ, তৃণমূল কংগ্রেছৰ ৰিবুলয়া গগৈ আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অৰবিন কুমাৰ বৰুৱা আৰু নন্দিতা নাগ।

আনহাতে কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই আৰু চি পি আইৰ কনক গগৈয়ে যোৱা ২২ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন পত্ৰসমূহ অহা ২৬ মাৰ্চত পৰীক্ষা কৰা হ’ব, মনোনয়ন পত্ৰ প্ৰত্যহাৰৰ অন্তিম তাৰিখ হৈছে ২৯ মাৰ্চ।

আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ লগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত থাকে।