NORTHEAST NOW (Assamese)
অসম

উৎকোচৰ গোচৰত দোষী সাব্যস্ত, এচিএছ বিষয়া নন্দিতা কোঁৱৰক বৰ্খাস্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2022 7:24 pm
Nandita Konwar

অসম চৰকাৰে এচিএছ বিষয়া নন্দিতা কোঁৱৰক উৎকোচৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁৰ সেৱাৰ পৰা বৰ্খাস্ত কৰিছে।

২০১৭ চনত, প্ৰকল্প সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা এচিএছ বিষয়া নন্দিতা কোঁৱৰ গুৱাহাটীৰ জিলা গ্ৰামোন্নয়ন সংস্থাৰ কাৰ্যালয়ত উৎকোচ দিয়াৰ সময়ত হাতে-লোটে ধৰা পৰিছিল।

কোঁৱৰৰ বিৰুদ্ধে সেই সময়ত সাংসদ স্থানীয় এলেকা উন্নয়ন আঁচনিৰ (এমপিএলএডিএছ) ওপৰত পৰিশোধ মুকলি কৰাৰ বাবে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পূৰ্বে, ২০১৫ চনত অসম আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী ব্যুৰোৱে এটা এনজিঅ’ৰ সদস্যৰ পৰা উৎকোচ লোৱাৰ অভিযোগত এচিএছ বিষয়া নন্দিতা কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিল।

প্ৰতিবেদন অনুসৰি, অসমৰ বিশেষ ন্যায়াধীশৰ আদালতে বহুশুনানিৰ পিছত নন্দিতা কোঁৱৰক PC Act, 1988ৰ ধাৰা 7/13 (2)ৰ অধীনত দোষী সাব্যস্ত কৰে।

আদালতে কোঁৱৰক তিনি বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে PC Act,1988 ৰ ধাৰা 7 ৰ অধীনত এক মাহৰ বাবে ডিফল্ট সশ্ৰম কাৰাদণ্ডত ১২,০০০ টকাৰ জৰিমনা বিহে।

ইয়াৰ উপৰি তেওঁক চাৰি বছৰৰ বাবে কঠোৰ কাৰাদণ্ড আৰু লগতে PC Act, 1988ৰ ধাৰা 13(2)ৰ অধীনত দুমাহৰ বাবে ডিফল্ট কঠোৰ কাৰাদণ্ডত ২০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।

উল্লেখ্য যে নন্দিতা কোঁৱৰ অসম কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী আৰু বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ কন্যা।