NORTHEAST NOW (Assamese)
দেশ

মোদী চৰকাৰৰ হাতোৰাত বন্দী হৈছে জেএনইউ! নতুন উপাচাৰ্য্যৰ পুৰণি টুইট চৰ্চাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2022 6:45 pm
JNU new vice chancellor

মোদী চৰকাৰৰ হাতোৰাত বন্দী হৈছে জেএনইউ? মোদী চৰকাৰে ধ্বংস কৰিব বিচাৰিছে সততে চৰ্চাত থকা বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ?

বিশ্ববিদ্যালয়খনত শিক্ষা মন্ত্ৰালয়ে নতুনকৈ এগৰাকী উপাচাৰ্য নিয়োগ কৰিছে। শান্তিশ্ৰী ধূলীপুডি পণ্ডিত নামৰ এগৰাকী উপাচাৰ্য নিয়োগ কৰাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। ইয়াৰ পূৰ্বে পণ্ডিতে পুনেৰ সাবিত্ৰীবাই ফুলে পুনে ইউনিভাৰ্চিটিৰ অধ্যাপক আছিল।

উপাধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাছতে মোদী চৰকাৰলৈ ধন্যবাদ জনাই পণ্ডিতে এখন প্ৰেছ বিজ্ঞপ্তি দিয়ে। ইংৰাজীত দিয়া প্ৰেছ বিজ্ঞপ্তিটোত কেইবাটাও ব্যাকৰণৰ ভুল পোৱা গৈছে। ইয়াকে লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

খোদ বিজেপি সাংসদ বৰুণ গান্ধীয়ে এই সম্পৰ্কত টুইট কৰিছে। উপাধ্যক্ষগৰাকীৰ নিযুক্তিৰ বিৰোধীতা কৰি গান্ধীয়ে লিখে যে এনেধৰণৰ নিযুক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত ধংস কৰিব।

 

উল্লেখযোগ্য যে শান্তশ্ৰী পণ্ডিত হৈছে জেএনইউৰ প্রথমগৰাকী মহিলা উপাচাৰ্য। তেওঁৰ পূৰ্বতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল এম জগদিশ কুমাৰ। নিজৰ কাৰ্যকালত একাধিক বিতৰ্কত সাঙোৰ খাই পৰা কুমাৰক মোদী চৰকাৰৰ আশীষধন্য হিচাপে জনা গৈছিল।

কুমাৰৰ দৰেই পণ্ডিতৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ অনা গৈছে। অভিযোগ অনা হৈছে যে তেওঁৰ স’তে আৰএছএছৰ সম্পৰ্ক আছে। সেইবাবেই তেওঁ এই পদবী লাভ কৰিছে।

নতুন উপাধ্যক্ষগৰাকীৰ নামত থকা টুইটাৰ একাউণ্টটোৰ কিছু পুৰণি টুইটৰ ভিত্তিত এই অভিযোগ অনা হৈছে। টুইটসমূহৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰাৰ পাছতে একাউণ্টটো ডিলিট কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে উক্ত টুইটাৰ একাউণ্টটোৰ প্ৰফাইল ফটোত এগৰাকী হিন্দু দেৱীৰ ফটো দেখা পোৱা গৈছে।

সংবাদ প্ৰতিষ্ঠান দ্যা প্ৰিণ্টে এই সংক্ৰান্তত উপাধ্যক্ষগৰাকীক যোগাযোগ কৰিছিল। কিন্তু বৰ্তমানলৈকে তেওঁৰ কোনো উত্তৰ পোৱা নাই বুলি জনা গৈছে।

টুইটসমূহত দেখা গৈছে যে তেওঁ জেএনইউক ইছলামিক জিহাদীৰ কাৰখানা হিচাপে অভিহিত কৰিছে। জেএনইউৰ ছাত্ৰ-ছাত্ৰীসকলক লৈও তেওঁ নিকৃষ্ট ভাষা প্ৰয়োগ কৰিছিল।

কেৱল এয়াই নহয়, উপাধ্যক্ষগৰাকী এগৰাকী গডচেভক্তও। গান্ধী হত্যাকাৰী নাথুৰাম গডচেৰ সমৰ্থনত তেওঁক টুইট কৰা দেখা গৈছিল। অহৰহ বাওঁপন্থী বুদ্ধিজীৱীসকলকো টুইটাৰযোগে তেওঁ সমালোচনা কৰি আহিছিল। দেশৰ সংখ্যালঘু মুছলমানসকলৰ বিৰুদ্ধে তেওঁৰ টুইটসমূহ পোৱা গৈছে।

 

 

তদুপৰি কৃষি বিলৰ বিৰুদ্ধে দেশজুৰি চলা কৃষকৰ প্ৰতিবাদ আৰু কাবিৰোধী আন্দোলনকো বিৰুদ্ধাচাৰণ কৰিছিল। আনহাতে, বিজেপিৰ সমৰ্থনত উপাধ্যক্ষগৰাকীয়ে টুইট কৰিছিল এইদৰে- যদি বিজেপি গডছেৰ দল, তেন্তে বংগৰ তৃণমূল কংগ্ৰেছ হৈছে সন্ত্ৰাসবাদীৰ দল।

উল্লেখযোগ্য যে দিল্লীৰ জেএনইউ হৈছে দেশৰ এখন আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠান। জেএনইউৰ ছাত্ৰ ৰাজনীতি আৰু শৈক্ষিক পৰিৱেশ সততে চৰ্চাত থাকে। দেশৰ বহু নেতা-মন্ত্ৰী, শীৰ্ষ বিষয়া, শিল্পী-বুদ্ধিজীৱী এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

তেনেস্থলত ইংৰাজী গ্ৰামাৰ ভুল কৰা, টুইটাৰত এনেদৰে চৰম ঘৃণনীয় বাৰ্তা দিয়া এগৰাকী ব্যক্তিয়ে কেনেদৰে উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিলে? মোদী চৰকাৰৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰাৰ ফলতে তেওঁ এই শক্তিশালী পদবী লাভ কৰা বুলি সম্প্ৰতি তীব্ৰ চৰ্চা চলিছে।