NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত সন্ধানহীন ভাৰতীয় সেনাৰ সাত জোৱান মৃত অৱস্থাত উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2022 6:18 pm
Army Personnel Killed In Avalanche

অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ এটা উচ্চ অঞ্চলত হিমস্খলনৰ ফলত সন্ধানহীন হোৱা ভাৰতীয় সেনাৰ সাতজন জোৱানক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

যোৱা ৬ ফেব্ৰুৱাৰীত অঞ্চলটোত হিমস্খলনৰ ফলত সেনাৰ টহলদাৰী দলৰ অংশ হিচাপে থকা সেনা জোৱানসকল সন্ধানহীন হৈছিল।

আজি ভাৰতীয় সেনাই এই সাত জন জোৱানৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে।

ভাৰতীয় সেনাই এক বিবৃতিত কয়, “৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চতাত হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হোৱা সাতজন সেনা জোৱানৰ মৃত্যু নিশ্চিত কৰা হৈছে।”

বিবৃতিটোত লগতে কোৱা হৈছে, “হিমস্খলনৰ স্থানৰ পৰা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।”

উল্লেখ্য যে উক্ত ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে এটা বিশেষ দল প্ৰেৰণ কৰা হৈছিল।

সেনাৰ মতে, ৬ ফেব্ৰুৱাৰীৰ পৰা জোৱানসকল দুৰ্ঘটনাস্থলীত আৱদ্ধ হৈ আছিল। যোৱা কেইদিনমান ধৰি অঞ্চলটোত প্ৰচণ্ড তুষাৰপাতৰ লগতে প্ৰতিকূল বতৰ দেখা গৈছিল।