NORTHEAST NOW (Assamese)
দেশ

১১ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলঙ্কাৰ নৌ সেনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2022 5:56 pm
Indian fishermen arrested by Sri Lankan Navy

আজি পুৱতি নিশা শ্ৰীলংকাৰ নৌসেনাই প্ৰায় ১১ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে। এই কথা সদৰি কৰিছে তামুলনাডু ‘কিউ’ শাখাৰ আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মাছমৰীয়াসকলক শ্ৰীলংকাৰ নৌসেনাই ডেফ্ট দ্বীপত আটক কৰিছিল।

তামিলনাডুৰ ‘কিউ’ শাখা আৰক্ষীয়ে এই বিজ্ঞপ্তি যোগে জনাইছিল যে শ্ৰীলংকাৰ নৌসেনাই ১১ জন মাছমৰীয়া আৰু তিনিখন নাওক জিম্মাত লৈছে।

আৰক্ষীৰ মতে, শ্ৰীলংকাৰ নৌসেনাই মাছমৰীয়াসকলক আন্তৰ্জাতিক সামুদ্ৰিক সীমা ৰেখা (আইএমবিএল) অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, ২০২১ চনৰ ডিচেম্বৰত তামিলনাডুৰ ৬৩ জন মাছমৰীয়াক শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

আনহাতে, ইয়াৰে ৫৩ জন মাছমৰীয়া শ্ৰীলংকাৰ বিচ্ছিন্নকেন্দ্ৰত আছে যদিও তেওঁলোকক জিম্মাৰ পৰা মুকলি কৰি দিয়া হৈছিল।

শ্ৰীলংকাৰ মীন বিভাগে তেওঁলোকৰ কৰ্তৃপক্ষৰ দ্বাৰা জব্দ কৰা ভাৰতীয় মাছ ধৰা নাওসমূহৰ নিলামৰ বিজ্ঞাপন দিয়াৰ খবৰো পোৱা গৈছিল।