NORTHEAST NOW (Assamese)

কোভিড সংক্ৰমণৰ ছবিখন এতিয়াও ভয়াৱহ হৈয়েই আছে ভাৰতত

October 5, 2020 10:08 am · এন ই নাও নিউজ

কোভিডৰ সংক্ৰমণৰ ছবি ভাৰতত এতিয়াও উদ্বেগজনক হৈয়েই আছে।

ভাৰতত বিগত ২৪ ঘণ্টাত ৭৪,৪৪২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৬,২৩,৮১৬ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, দেশত বিগত ২৪ ঘণ্টাত নতুনকৈ ৯০৩ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাই। ইয়াৰ ফলত বৰ্তমানলৈ দেশত ক’ৰ’না সংক্ৰমণৰ ফলত মুঠ ১,০২,৬৮৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

গৃহ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, ভাৰতত বৰ্তমান ৯,৩৪,৪২৭ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৫,৮৬,৭০৪ গৰাকী ৰোগী চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

দেশত সংক্ৰমণৰ হাৰ ১৫.১১ শতাংশ হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৮৩.৩৩ শতাংশ। ইপিনে ভাৰতে ২০২১ চনৰ প্ৰথম ভাগতে দেশৰ ২৫ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদানৰ যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে বুলি চৰকাৰী ভাবে প্ৰকাশ কৰিছে।

Related News