NORTHEAST NOW (Assamese)

CAB গৃহীত হ’লে মই নিজকে মুছলমান বুলি ঘোষণা কৰিম : হৰ্ষ মাণ্ডাৰ

December 11, 2019 12:57 pm · এন ই নাও নিউজ
Updated: December 11, 2019 12:58 pm
মানৱ অধিকাৰ কৰ্ম হৰ্ষ মাণ্ডাৰ। ফটোৰ উৎস : ইণ্টাৰনেট।

অসাংবিধানিক, অগণতান্ত্ৰিক আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন চৰকাৰে গৃহীত কৰিলে নিজৰ হিন্দু পৰিচয় ত্যাগ কৰি এজন মুছলমান হিচাপে ঘোষণা কৰিব সমাজকৰ্মী, মানৱ অধিকাৰ কৰ্মী, লেখক, প্ৰাক্তন আই এ এছ বিষয়া হৰ্ষ মাণ্ডাৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম একাংশক নিজৰ ভাষ্য দি মাণ্ডাৰে এন আৰ চি আৰু বিধেয়কখনে ভাৰত বিভাজনৰ দুঃস্বপ্নক মানুহৰ মনলৈ পুনৰ তুলি আনিব বুলি কয়।

চৰকাৰৰ এনেকুৱা কামৰ বিৰুদ্ধে অসহযোগৰ পন্থাক এপাট অস্ত্ৰ হিচাপে লোৱাৰ পোষকতা কৰি মাণ্ডাৰে দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিলেও তেওঁ কোনো নথি জমা নিদিয়ে বুলিও মন্তব্য কৰে।

এটা টুইটত মানৱ অধিকাৰকৰ্মীজনে কয়, “মই কোনো নথি-পত্ৰবিহীন নাগৰিকত্বহীন মুছলমানৰ সৈতে একেই শাস্তি দাবী কৰিম” আৰু তেওঁ এই আইন অমান্য আন্দোলনত যোগাদানৰ আহ্বান দিয়ে।

লগতে পঢ়ক জাতিতকৈ ধৰ্ম ডাঙৰ নহয়!; হিন্দু ধৰ্ম ত্যাগ কৰিম বুলি শপত ল’লে বহু সংখ্যক যুৱকে

মাণ্ডাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত বিশিষ্ট নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল যদিও আয়োগত তেওঁৰ ভূমিকা “গুৰুত্বহীন” উপলব্ধ কৰি ২০১৮ চনত তাৰ পৰা পদত্যাগ কৰিছিল।

মানৱ অধিকাৰ কৰ্মী মাণ্ডাৰেই অসমৰ ডিটেইনশ্যন কেম্পবোৰত বন্দীসকলৰ দুৰ্দশাক লৈ উচ্চতম ন্যায়ালয়ত এটা নিজাববীয়া গোচৰ তৰিছিল, যিটোৰ শুনানি লৈ শীৰ্ষ আদালতখনে অসম চৰকাৰক ইয়াৰ ওপৰত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল। এই গোচৰ চালিজাৰি চাই উচ্চতম ন্যায়ালয়ে অনিৰ্দিষ্টকালীনভাৱে আবদ্ধ কৰি ৰখাত বাৰণ কৰিছিল আৰু তিনিবছৰ পূৰ্ণ হোৱাসকলক চৰ্তৰ আধাৰত মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ কৰিব পাৰি যে আগৰখন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিব খোজোতে কাৰ্বি আংলঙত বহু সংখ্যক যুৱকে বিধেয়ক গৃহীত হ’লে হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ হুংকাৰ দিছিল।

Related News