NORTHEAST NOW (Assamese)
অসম

জিলা কমিটিৰ সভাপতিৰ মইমতালিৰ প্ৰতিবাদত যুৱ কংগ্ৰেছীয়ে লণ্ড-ভণ্ড কৰিলে বিশ্বনাথৰ ৰাজীৱ ভৱন

Posted by: কাজি জেইদুল ইছলাম November 14, 2018 9:49 am
20181113002813_IMG_1080-01

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। বিভিন্ন অঞ্চলত দেখা গৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট। মঙলবাৰে তেনে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বিশ্বনাথত। দলীয় প্ৰাৰ্থী নিৰ্বাচনত হোৱা ব্যাপক খেলিমেলিৰ বাবে বিশ্বনাথৰ ৰাজীৱ ভৱনত সংঘটিত হ’ল লংকা কাণ্ড।

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলিপ বৰুৱাৰ মইমতালিৰ বিৰুদ্ধে ক্ষুভিত হৈ বিশ্বনাথ যুৱ কংগ্ৰেছৰ শতাধিক সদস্যই সভাপতিৰ কাৰ্যালয়ৰ কোঠা ভাঙি লণ্ড-ভণ্ড কৰে। নিৰ্বাচনৰ পূৰ্বে নিজৰ দলৰ মাজত সংঘটিত হোৱা এনে কাৰ্যই সম্প্ৰতি কংগ্ৰেছৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনৰ টিকট নিৰ্বাচিত সমিতিৰ পেনেলত প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ আৰু বিশ্বনাথ যুৱ কংগ্ৰেছৰ সভাপতি এলবাৰ্ট ফুকনৰ নাম থকা সত্বেও তেওঁলোকৰ মতামত অবিহনে বৰ্তমানৰ সভাপতিজনে নিজৰ ইচ্ছা মতে টিকট প্ৰদান কৰাৰ কুচকাৱাজ চলোৱাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল যুৱ কংগ্ৰেছীসকল।

আনহাতে জিলা কংগ্ৰেছৰ সভাপতিজনে কিছু কিছু লোকৰ পৰা ধনৰ লেনদেন কৰি দলীয় টিকট প্ৰদান কৰাৰো যো-জা চলোৱা বুলি ক্ষুভিত যুৱ কংগ্ৰেছৰ সদস্যসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এই সকলোবোৰ কথাৰ উমান পোৱাত যুৱ কংগ্ৰেছৰ সদস্যসকলৰ ধৈৰ্যৰ বান্ধ চিঙি যায় আৰু কালি কাৰ্যালয়টো ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি সভাপতিগৰাকীৰ কাৰ্যালয়ৰ কোঠাত তলা ওলমাই দিয়ে।