NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াক ইউক্ৰেইনত ‘গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰিবলৈ’ আহ্বান অভিনেতা আদিল হুছেইনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2022 4:51 pm
ৰাছিয়াক ইউক্ৰেইনত ‘গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰিবলৈ’ আহ্বান অভিনেতা আদিল হুছেইনৰ

আন্তৰ্জাতিক পৰ্যায়ত বহু প্ৰশংসিত অসমৰ অভিনেতা আদিল হুছেইনে ৰাছিয়াক ইউক্ৰেইনত “গুলীবর্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা আদি বন্ধ কৰিবলৈ” আহ্বান জনাইছে।

আদিল হুছেইনে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ কোনো ক্ষতি কৰা নাই, কিন্তু প্ৰকৃততে ৰাছিয়াৰ লোকসকলকহে ‘হত্যা’ কৰিছে।

অভিনেতা আদিল হুছেইনে শুকুৰবাৰে এটা টুইটত এইদৰে কয়, “ইউক্ৰেইনৰ বিৰুদ্ধে আপোনাৰ (ৰাছিয়া) যুদ্ধই পশ্চিমৰ কোনো ক্ষতি কৰা নাই কিন্তু নিশ্চিতভাৱে আপোনাৰ নিজৰ লোকক হত্যা কৰিছে!”।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়াল: বন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য

তেওঁ কয়, “ভয়ৰ পৰা উদ্ভৱ হোৱা কাৰ্য্যই সকলোৰে বাবে দুখ কঢ়িয়াই আনিব।”

অভিনেতাগৰাকীয়ে কয়. “ৰাছিয়া! আপোনালোকে পশ্চিমক লৈ শংকিত নহ’ব। আপোনালোক এখন শক্তিশালী দেশ! … অনুগ্ৰহ কৰি গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰক।”

উল্লেখ্য যে শুকুৰবাৰে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ নৱম দিন। চলিত এই যুদ্ধত ৰাছিয়া আৰু ইউক্ৰেইনৰ দুয়োপক্ষৰ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে।