NORTHEAST NOW (Assamese)
অসম

ঘণ্টাত ১৮০ কিলোমিটাৰ গতিত গাড়ী দুৰ্ঘটনা; অলপৰ বাবে প্ৰাণ ৰক্ষা জনপ্ৰিয় অভিনেতা অজিতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2025 1:01 pm

গাড়ী দুৰ্ঘটনাত পতিত হৈছে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা অজিত কুমাৰ। কেইদিনমানৰ পিছত অনুষ্ঠিত হ’ব ‘ডুবাই ২৪ আৱাৰ ৰেচ’। ইয়াত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে অজিতে। মঙলবাৰে অনুশীলন কৰি থকাৰ সময়তে তেওঁৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়; তেওঁৰ গাড়ীখন ছিন্নভিন্ন হৈ পৰিছে।

বাতৰি অনুসৰি, অজিত কুমাৰে অনুশীলন কৰি থকা গাড়ীখনৰ ক্ষতি হৈছে যদিও অভিনেতাজনৰ কোনো ক্ষতি হোৱা নাই।

অজিত কুমাৰৰ মুখপাত্ৰ সুৰেশ চন্দ্ৰই কয় যে অহা ১১ জানুৱাৰীত এই ৰেচ অনুষ্ঠিত হ’ব। ইয়াত অংশগ্ৰহণ কৰাৰ আগতে অজিতে ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন কৰে। প্ৰথম ছেছনত তেওঁৰ গাড়ীখনে বাউণ্ডেৰীত খুন্দা মাৰে। গাড়ীৰ সন্মুখভাগ ছিন্নভিন্ন হৈ পৰে। বুধবাৰে পুনৰ অনুশীলন আৰম্ভ কৰে অজিতে।

বাতৰি অনুসৰি, ‘ডুবাই ২৪ আৱাৰ ৰেচ’ প্ৰতিযোগিতাৰ নিয়মসমূহ হ’ল-২৪ ঘণ্টীয়া ৰিলে ৰেচ। প্ৰতিজন চালকে ৬ ঘণ্টা গাড়ী চলাব লাগিব। অজিতে তাৰ বাবে অনুশীলন কৰি আছিল। সেই সময়ত তেওঁৰ গাড়ীখন ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত চলি আছিল; তেতিয়াই অভিনেতাগৰাকীয়ে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

চিনেমাৰ বাহিৰেও অজিত কুমাৰৰ গাড়ী আৰু মটৰ চাইকেলৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। তেওঁ এজন পেছাদাৰী ৰেচাৰ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে। নেপাল, ভূটান আৰু ইউৰোপৰ কেইবাখনো দেশ ভ্ৰমণ কৰিছে অভিনেতাগৰাকীয়ে।