NORTHEAST NOW (Assamese)

আকৌ এবাৰ তালৈ যাব লাগিছিল; ইৰফান খানৰ স্মৃতি সুঁৱৰি পত্নীয়ে দিলে এই প’ষ্ট

July 11, 2020 12:42 pm · এন ই নাও নিউজ
ইৰফান খান। ফটো : ইনষ্টাগ্ৰাম।

চলিত বছৰত বহুকেইগৰাকী বলীউদৰ জনপ্ৰিয় অভিনেতাই ইহ সংসাৰৰ পৰা বিদায় ল’লে। তাৰ ভিতৰত ইৰফান খান অন্যতম।

দীৰ্ঘদিন ধৰি টিউমাৰৰ চিকিৎসা কৰাৰ পাছত অভিনেতা ইৰফান খানৰ যোৱা ২৯ এপ্ৰিলত পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত ইৰফান খানে পত্নী সুতপা সিকদাৰ আৰু দুটি সন্তান এৰি থৈ যায়। অভিনেতা গৰাকীৰ বিয়োগৰ দুখ পত্নী সুতপাই এতিয়াও পাহৰিব পৰা নাই।

সুতপা সিকদাৰে স্বামী ইৰফানৰ স্মৃতি জড়িত এটি প’ষ্ট ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ছবিত দেখা গৈছে যে ইৰফান খানে বাইক ঠিক কৰি আছে। আনহাতে, পত্নী সুতপাই তিস্তা নদীৰ আন এখন ধুনীয়া ছবি শ্বেয়াৰ কৰিছে য’ত তেওঁ পুত্ৰৰ সৈতে থিয় দি থকা দেখা গৈছে।

View this post on Instagram

A post shared by Sutapa Sikdar (@sikdarsutapa)

ছবিৰ শিৰোণাম লিখি সুতপাই কৈছে,’’এয়া সেই মধুৰ দিনবোৰৰ এক স্মৃতি যেতিয়া আমি উত্তৰ বংগত কটাইছিলো। মই প্ৰাৰ্থনা জনাইছিলো যে মই এখন নদীৰ কাষত থাকো। উত্তৰ বংগত শিশুকালৰ স্মৃতি। বাৰিষাৰ বতৰত জংঘলৰ পৰা আহিবলগীয়া সেই চিনাকি গোন্ধ। তিস্তা কোনো নদী নহয়, ই এক কাহিনী।‘’

শিৰোণামত সুতপাই লিখিছে,‘’ইৰফান আৰু বাবিলৰ সৈতে ছিংগলৰ শ্বুটিঙৰ সময়ত আমি এই ঠাইলৈ দ্বিতীয়বাৰৰ বাবে আহিছিলো। মই কেনেকৈ যে প্ৰাৰ্থনা কৰিছিলো তালৈ আৰু এবাৰ যাওঁ।‘’

ইৰফানৰ গুণমুগ্ধসকলে কমেন্ট বক্সত নিজৰ প্ৰিয় অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি নিজৰ নিজৰ আবেগ প্ৰকাশ কৰিছে।

Related News