NORTHEAST NOW (Assamese)
অসম

নাট্য জগতৰ বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকাৰ দেহাৱসান; বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 6:24 pm

ভ্ৰাম্যমাণ তথা অপেচাদাৰী নাট্যজগতৰ বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকাৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে।

জীৱেশ্বৰ ডেকাই হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।

দেওবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নলবাৰীৰ সাৰথি হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ লৈ যোৱাৰ বাবে কয়।

অভিনেতা গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত অভিনেতা গৰাকীৰ বয়স হৈছিল ৭৫ বছৰ।

অসমীয়া নাট্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অভিনেতা জীৱেশ্বৰ ডেকাক নটসূৰ্য্য বঁটা আগবঢ়োৱা হয়।

বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।