NORTHEAST NOW (Assamese)
অসম

জাপানত অট্টালিকাৰ সমান উচ্চতাৰ বোকা-পানীৰ ঢলে সৃষ্টি কৰিলে সংহাৰৰ,সন্ধানহীন বহুজন, চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2021 6:14 pm
kkrt

শনিবাৰে জাপানত সংঘটিত হ’ল এক ভয়কৰ প্ৰাকৃতিক দুৰ্যোগ। ছুনামীয়ে বহুবাৰ বিধ্বস্ত কৰা জাপানৰ পৰ্যটন নগৰী হিচাবে পৰিচিত আটামী চহৰতত আজি পাহাৰৰ পৰা হঠাতে নামি অহা বোকা-পানীৰ ঢলে সংহাৰৰ সৃষ্টি কৰে।

শান্ত-সমাহিত চহৰ খনৰ বহু ঘৰ আৰু অট্টালিকা নিমিষৰ ভিতৰতে বোকা-পানীৰ ঢলত উটি যায়।

এই ঘটনাত এতিয়ালৈকে ১৯ গৰাকী লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে।

টকিঅ’ৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত আটামী চহৰৰ লগতে দেশ খনৰ বিভিন্ন প্ৰান্ত যোৱা চাৰি দিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে।

বৰষুণৰ ফলতে বোকা-পানীৰ ঢল পাহাৰৰ পৰা নামি হে। প্ৰত্যদৰ্শীয়ে প্ৰকাশ কৰা মতে বোকা-পানীৰ ঢলৰ উচ্চতা ছুনামীৰ দৰেই আছিল। একোটা বৃহৎ অট্টালিকাৰ সমান উচ্চতাত বোকা-পানীৰ ঢল নামি আহিছিল।

জাপানৰ অগ্নি আৰু দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা মতে প্ৰায় ৮০ টা ঘৰ বোকা-পানীৰ ঢলে উটুৱাই নিছে।

সন্ধানহীন লোকৰ সংখ্যা বহু বেছি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। এতিয়ালৈকে সন্ধানহীন হৈ থকা লোকসকলৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই বুলি জাপানৰ এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছে।