NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত কংগনা ৰানাৱট; সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে অভিনেত্ৰীগৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2021 12:20 pm
WhatsApp Image 2021-05-08 at 12.17.50 PM

এইবাৰ কৰ’নাত আক্ৰান্ত হৈছে বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱট। ইনষ্টাগ্ৰামত নিজেই সদৰী কৰিছে এই কথা।

কংগনাই জানিবলৈ দিয়ে যে তেওঁৰ শৰীৰত কৰ’না ভাইৰাছৰ উপসৰ্গ দেখা দিছে। সম্প্ৰতি অভিনেত্ৰীগৰাকী হোম কোৱাৰেন্টাইনতে আছে।

ইনষ্টাগ্ৰামত নিজৰ এটি ধ্যানৰত ফটো প’ষ্ট কৰি কংগনাই লিখিছে,’’যোৱা কেইবাদিনো ধৰি বৰ ভাগৰুৱা অনুভৱ কৰিছিলো। চকুৰ তলত জ্বলাপোৰা কৰিছিল। হিমাচললৈ যাম বুলি ভাৱিছিলো। তাৰ বাবে কালি (শুকুৰবাৰ) কৰ’না টেষ্ট কৰাইছিলো। আজি ৰিপ’ৰ্ট আহিছে। কোভিড পজিটিভ বুলি জানিব পাৰিছো।‘’

তদুপৰি, তেওঁ লিখিছে,’’মই সম্প্ৰতি কোৱাৰেন্টাইনতে আছো। মোৰ শৰীৰৰ ভিতৰত ভাইৰাছটোৱে পাৰ্টি কৰিবলৈ আৰম্ভ কৰিছে সেয়া বুজিব পৰা নাছিলো। এইবাৰ জানিলো। সোনকালেই ইয়াক ধ্বংস কৰিম।‘’

কংগনাই তেওঁৰ অনুৰাগীসকলক অনুৰোধ জনাইছে যাতে কোনোৱে নিজৰ শৰীৰত বহি ল’ব নিদিয়ে। আতংকিত হ’লে ই আৰু অধিক আপোনাক ভয় খুৱাব।

উল্লেখ্য যে কেইবাবাৰো মাস্ক অবিহনেই কংগনাক দেখা গৈছিল। কোভিড বিধি নমনাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।

বলীউদত কৰ’নাৰ সংক্ৰমণ পূৰ্বেই বিয়পিছে। ইতিমধ্যে কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছে অক্ষয় কুমাৰ, ৰণবীৰ কাপুৰ, আলিয়া ভাট, ভূমি পেণ্ডেৰকাৰ, ভিকি কৌশল, কেটৰিনা কাইফ, দীপিকা পাডুকনৰ দৰে তাৰকাসকল।

শুকুৰবাৰে শিল্পা ছেট্টিৰ পৰিয়ালো কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে।