NORTHEAST NOW (Assamese)

বিশিষ্ট অভিনেতা নিপন গোস্বামী চিকিৎসাধীন

June 11, 2019 10:21 pm · এন ই নাও নিউজ
Updated: June 12, 2019 6:39 am
জি এন আৰ চিত চিকিৎসাধীন অৱস্থাত নিপন গোস্বামী। উৎস- প্ৰতিদিন টাইম(ডিজিটেল)

অসমীযা চলচ্চিত্রৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীক আজি সন্ধিয়া গুৱাহাটীৰ ছয়মাইলত থকা জি এন আৰ চি হাস্পাতালত ভৰ্তি কৰা হয়।

আমি লাভ কৰা খবৰ অনুসৰি অভিনেতাগৰাকীয়ে নিজৰ বাসগৃহৰ গাধোৱা ঘৰত পিছলি পৰে আৰু আঘাতপ্ৰাপ্ত হয়। পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ আহে।  চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ অন্তত গোস্বামীয়ে ভৰিত আঘাত পোৱা বুলি প্ৰকাশ কৰি তেওঁৰ আঘাত গুৰুতৰ নহয় বুলি কয়।

তেজপুৰত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীৰ বৰ্তমান বয়স ৭১ বছৰ। নিপন গোস্বামীয়ে ১৯৫৭ চনত ফনী শৰ্মাই পৰিচালনা কৰা ‘পিয়লি ফুকন’ চলচ্চিত্ৰত শিশু শিল্পী হিচাপে অভিনয় জীৱনৰ পাতনি মেলে।

চিৰাজ, দেউতাৰ বিয়া, প্ৰিয়া অ’ প্ৰিয়া, ককাদেউতাৰ ঘৰ জোৱাই, মিথা মিথা লগনত, অপৰূপা, সন্ধ্যাৰাগ, বহাগৰ দুপৰীয়া, ঘৰ সংসাৰ আদি ভালেমান জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে।

অসমৰ সকলোৰে আদৰৰ শিল্পীগৰাকীয়ে শীঘ্ৰে চিকিৎসালয়লৰ পৰা ঘৰলৈ উভতি আহি পুনৰ অভিনয় জগতত অভিভাৱকৰ ভূমিকা পালন কৰি যাৱ বুলি সকলোৱে আশা কৰিছে।

 

Related News