NORTHEAST NOW (Assamese)

‘মহাভাৰতৰ কৰ্ণ’ আৰু নাই! জ্যেষ্ঠ অভিনেতা পংকজ ধীৰৰ মৃত্যু

October 15, 2025 3:57 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 15, 2025 3:58 pm

বি আৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰতত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা পংকজ ধীৰৰ আজি মৃত্যু হয়।

সূত্ৰ অনুসৰি অভিনেতাজনে কিছুদিনৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল বুলি জানিব পৰা গৈছে।

CINTAA (Cine & TV Artistes’ Association) ৰ পৰা বুধবাৰে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ধীৰৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰি সংগঠনটোৱে কয় যে, ‘গভীৰ শোক আৰু দুখৰ সৈতে আমি আপোনালোকক জনাও যে আমাৰ ট্ৰাষ্টৰ পূৰ্ব অধ্যক্ষ তথা CINTAA ৰ প্ৰাক্তন মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত পংকজ ধীৰ জীয়ে ২০২৫ চনৰ ১৫ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে।’

ধীৰেছনম বেৱাফা, ‘বাদশ্বাহকে ধৰি কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে ‘চন্দ্ৰকান্ত, ‘সসুৰাল ছিমাৰ কাৰ দৰে টিভি শ্বতো অভিনয় কৰিছে। ধীৰে পৰিচালক হিচাপেও কাম কৰিছিল আৰু ‘মাই ফাদাৰ গডফাদাৰ নামৰ এখন ছবিৰ পৰিচালনা কৰিছিল।

ইহসংসাৰত পংকজ ধীৰে পত্নী অনিতা ধীৰ আৰু পুত্ৰ অভিনেতা নিকেতন ধীৰক এৰি থৈ যায়।

Related News