NORTHEAST NOW (Assamese)

সোণ সৰবৰাহৰ গোচৰত অভিনেত্ৰী ৰণ্যা ৰাওক ১০২ কোটি টকাৰ জৰিমনা বিহিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে

September 3, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 29, 2026 10:07 pm

মঙলবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কানাড়া অভিনেত্ৰী ৰণ্যা ৰাওক ১০২.৫৫ কোটি টকাৰ জৰিমনা বিহে। সোণও সৰবৰাহৰ অপৰাধত এই জৰিমনা বিহা হৈছে।

এই গোচৰত অভিনেত্ৰী ৰণ্যা ৰাও আৰু আন তিনিজনক ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কাৰণ দেখুওৱাৰ জাননী জাৰি কৰে।

কাৰাগাৰৰ ভিতৰতে ৰাও আৰু আনসকলক জাননী প্ৰেৰণ কৰা হয়। বিষয়াসকলে সকীয়াই দিয়ে যে জৰিমনা আদায় নকৰিলে অভিযুক্তৰ সম্পত্তি জব্দ কৰিব পৰা যাব।

এই গোচৰটোত একাধিক অভিযুক্ত জড়িত আছে। ৭২.৬ কেজি সোণ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হোৱা তৰুণ কন্দৰু ৰাজুক ৬২ কোটি টকাৰ জৰিমনা বিহা হৈছে।

৬৩.৬১ কেজিকৈ চোৰাং সোণ ব্যৱসায়ৰ বাবে দায়ী সাহিল জৈন আৰু ভাৰত জৈনক ৫৩ কোটি টকাকৈ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে ২৫০০ পৃষ্ঠাৰো অধিক নথি-পত্ৰৰে নিজৰ কাৰণ দেখুৱাৰ জাননীসমূহৰ সমৰ্থন জনাই শুল্ক আইনৰ বিভিন্ন ধাৰাত কাৰ্য্যবিধি আৰম্ভ কৰিছে।

বিষয়াসকলে ইংগিত দিছে যে ইয়াৰ পিছত অতি সোনকালে বিচাৰ চলিব।

ইফালে, এই গোচৰৰ সৈতে জড়িত COFEPOSA (Conservation of Foreign Exchange and Prevention of Smaggling Activities Act) আবেদনৰ শুনানি আজি উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয়।

 

Related News