NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! শোকাৱহ গাড়ী দুৰ্ঘটনাত মৃত্যু মোহময়ী অভিনেত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 24, 2023 3:47 pm

এক শোকাৱহ দুৰ্ঘটনাত মৃত্যু হৈছে এগৰাকী মোহময়ী উদীয়মান অভিনেত্ৰীৰ।

জনপ্ৰিয় টিভি শ্ব’ ‘সাৰাভাই বনাম সাৰাভাই’ত অভিনয় কৰি পৰিচিতি লাভ কৰা অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে।

এই দুৰ্ভাগ্যজনক খবৰটো শ্বেয়াৰ কৰিছে শ্ব’টোৰ প্ৰযোজক জে ডি মাজেথিয়াই। ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ এটা পোষ্টত তেওঁ এই দুৰ্ঘটনাটো উত্তৰ ভাৰতত সংঘটিত হোৱা বুলি সদৰী কৰিছে।

“জীৱনটো ইমানেই অভাৱনীয়। এগৰাকী অতি সুন্দৰ অভিনেত্ৰী, প্ৰিয় বন্ধু সাৰাভাই বনাম সাৰাভাইৰ ‘জেচমিন’ নামেৰে পৰিচিত বৈভৱী উপাধ্যায়ৰ মৃত্যু হয়। উত্তৰ ভাৰতত এক দুৰ্ঘটনাৰ পতিত হয় বৈভৱী। কাইলৈ পুৱা প্ৰায় ১১ বজাত শেষৰ বাবে পৰিয়ালে তেওঁক মুম্বাইলৈ লৈ আহিব।” জে ডি মাজেথিয়াৰ পোষ্টত এইদৰে লিখিছে।

উল্লেখ্য, ২০২০ চনত ‘ছাপাক’ আৰু ‘তিমিৰ’ (২০২৩) ছবিতো দীপিকা পাডুকনৰ সৈতে কাম কৰিছিল বৈভৱীয়ে।

যোৱা ২২ মে’ত মুম্বাইৰ আন্ধেৰীৰ নিজা এপাৰ্টমেণ্টত অভিনেতা আদিত্য সিং ৰাজপুত মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ কিছুদিন পিছতে বৈভৱীৰ মৃত্যুৰ খবৰে বলিউদত শোকৰ ছাঁহ পেলাইছে।