NORTHEAST NOW (Assamese)

কৃষকৰ আন্দোলন সমৰ্থন কৰাৰ বাবেই ধৰ্ষণ কৰি হত্যাৰ ভাবুকি অভিনেত্ৰীক, কোন এই অভিনেত্রী?

February 6, 2021 5:26 pm · এন ই নাও নিউজ

দিল্লীত তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি থকাৰ মাজতে এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছে বিশ্বৰ বহু শিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ে।

কৃষকৰ আন্দোলনক সমৰ্থন কৰাৰ বাবেই এইবাৰ এগৰাকী ব্ৰিটিছ অভিনেত্ৰীক ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিয়া হৈছে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি।

ধৰ্ষণ কৰি হত্যাৰ ভাবুকি পোৱা অভিনেত্ৰীগৰাকী হৈছে পাকিস্তানী মূলৰ ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিল।

শেহতীয়াকৈ জামিলা জামিলে দিল্লীত চলি থকা কৃষকৰ আন্দোলনলৈ মুকলি সমৰ্থন জনাইছিল।

ইয়াৰ পিছতে তেওঁক ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি দিয়া হয়।

ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁক দিয়া ভাবুকিৰ বিষয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে অৱগত কৰিছে।

উল্লেখ্য ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলৰ পিতৃ বাবা আলি জামিল ভাৰতীয় লোক হোৱাৰ লগতে অভিনেত্ৰীগৰাকীৰ মাতৃ ছিৰিন জামিল পাকিস্তানী।

বৰ্তমান ব্ৰিটেইনৰ ছবি জগতৰ এখন পৰিচিত মুখ জামিলাই তেওঁক দিয়া ভাবুকি সন্দৰ্ভত মন্তব্য কৰি কৈছে যে কেৱল কৃষকেই নহয়, সমাজৰ বঞ্চিত সকলো লোকৰ প্ৰতিবাদৰ প্ৰতি তেওঁ  সমৰ্থন জনাই যাব।

তেওঁ লগতে কয় যে কৃষকৰ আন্দোলন মষিমূৰ কৰিবলৈ এটা আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে কাম কৰি আছে।

সেই শক্তিক কেতিয়াও তেওঁ ভয় নকৰে বুলিও অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে।

উল্লেখ্য দিল্লীৰ কৃষক বিদ্ৰোহলৈ শেহতীয়াকৈ অভিনেত্ৰী মিঞা খালিফাকে ধৰি আন বহুতে সমৰ্থন জনাইছে।

Related News