NORTHEAST NOW (Assamese)
জীৱনশৈলী

স্তন কেন্সাৰত আক্ৰন্ত অভিনেত্ৰী হীনা খান : আপুনিও হওক সাৱধান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 30, 2024 8:00 pm

স্তন কেন্সাৰত আক্ৰন্ত অভিনেত্ৰী হীনা খান। কৰ্কট ৰোগৰ তৃতীয় পৰ্যায়ৰ সোতে যুঁজি আছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে হাৰ মানিবলৈ কোনোপধ্যেই সাজু নহয় অভিনেত্ৰীগৰাকী।

কেৱল হীনাই নহয়, দেশৰ লাখ লাখ মহিলাই যুঁজি আছে স্তন কৰ্কট ৰোগৰ সৈতে।

প্ৰাথমিক পৰ্যায়ৰ ধৰা পৰিলে স্তন কেন্সাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা যায়। কিন্তু মনত ৰাখিব যে বয়সৰ লগে লগে কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

যদি আপুনি বিষহীন ‘স্তনৰ গোট’ (স্তন ফুলা বা গোটা হোৱা) দেখা পায়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। নিপলৰ পৰা তেজ ওলোৱা, হঠাৎ আকৃতি সলনি হোৱা আদি স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে। উল্লেখ্য যে ‘স্তনৰ গোট’ মানে কেন্সাৰ নহয়, কিন্তু পৰীক্ষা কৰাটো বাঞ্ছনীয়।

বিশেষজ্ঞসকলৰ মতে কেন্সাৰ ৰোগ আমাৰ শৰীৰত থকা BRCA বা BRCA জিনৰ দোষৰ পৰাই আৰম্ভ হয়। আমাৰ শৰীৰত মূলতঃ BRCA বা BRCA নামৰ দুটা জিন থাকে, ইয়াৰে কোনো এটাত যদি কিবা ভুল হয় তেন্তে ই আমাৰ শৰীৰৰ DNA ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। ফলত কেন্সাৰৰ বীজাণু তাৰ পৰাই জন্ম হয়। আৰু যেতিয়া সেই বীজাণু লাহে লাহে আমাৰ শৰীৰৰ বিভিন্ন কোষলৈ বিয়পি পৰে, তেতিয়া কোনোবাই কেন্সাৰ ৰোগত আক্ৰান্ত হয়।

ল’বলগীয়া সাৱধানতা –

প্ৰতিদিনে কাপোৰ সলোৱাৰ সময়ত স্তন পৰীক্ষা কৰক। স্তনত কিবা অস্বাভাৱিকতা দেখিলে বা বিষ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

কিন্তু বহু চিকিৎসকৰ মতে বেছিভাগ কিশোৰীয়ে স্তনত কোনো অস্বাভাৱিকতা বা বিষ অনুভৱ কৰিলে চিকিৎসকৰ ওচৰলৈ নাযায়। এনে ক্ষেত্ৰত কেন্সাৰৰ ভয়াৱহতা বহু বেছি বাঢ়ি যায়। ফলত সমস্যাই জটিল ৰূপ ধাৰণ কৰে।