পৰিচালক অনুৰাগ কাশ্যপে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অভিনেত্ৰীৰ; গ্ৰেপ্তাৰৰ দাবী কংগনাৰ
বলীউদৰ খ্যাতনাম চলচ্চিত্ৰ নিৰ্মাতা অননুৰাগ কাশ্যপৰ বিৰুদ্ধে এগৰাকী অভিনেত্ৰীয়ে আনিছে এক গুৰুতৰ অভিযোগ।
অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।
তদুপৰি, অভিনেত্ৰী পায়েল ঘোষে বৰ্তমান তেওঁৰ জীৱনলৈ শংকা অহা বুলিও প্ৰকাশ কৰিছে।
পায়েলে তেওঁৰ টুইটাৰত এটা পোষ্টত লিখিছে,’’অনুৰাগে মোৰ সৈতে জোৰ জৱৰদস্তি কৰিছিল আৰু বহুত বেয়া আচৰণ কৰে।‘’
ইয়াৰ পাছত পায়েলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্যাগ কৰি লিখিছে,’’অনুগ্ৰহ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক আৰু দেশক এই ব্যক্তিৰ প্ৰকৃত স্বৰূপ দেখাই দিয়ক। মই জানো যে এইটোৱে মোৰ ক্ষতি কৰিব পাৰে আৰু মোৰ সুৰক্ষা বিপদত। অনুগ্ৰহ কৰি মোক সহায় কৰক।‘’
অভিনেত্ৰী পায়েল ঘোষৰ সমৰ্থনত বহুলোকে আগবাঢ়ি আহিছে যদিও আন কিছুমানে তেওঁৰ সস্তীয়া প্ৰচাৰক লৈ ট্ৰোলো কৰিছে।
পায়েলৰ পোষ্টৰ ওপৰত কংগনা ৰানাৱটেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগনাই পায়েলৰ সমৰ্থনত লিখিছে,’’প্ৰত্যেক প্ৰতিবাদৰে গুৰুত্ব আছে। অনুৰাগ কাশ্যপক গ্ৰেপ্তাৰ কৰক।‘’
আনহাতে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মায়ো পায়েলৰ সমৰ্থনত আগবাঢ়ি আহিছে।
এটা টুইটত তেওঁ লিখিছে,’’তুমি তোমাৰ অভিযোগ মোক মেইল কৰা। ৰাষ্ট্ৰীয় মহিলা আয়োগে এই বিষয়টো চাব।‘’
অভিনেত্ৰী পায়েল ঘোষে হিন্দী, দক্ষিণৰ লগতে পঞ্জাৱী চলচ্চিত্ৰতো অভিনয় কৰিছে।