NORTHEAST NOW (Assamese)

ড্ৰাগছ খুৱাই ভিডিঅ’ কৰি পৰ্ণৰ বাবে ব্লেকমেইলিং বলীউদত সাধাৰণ ঘটনা: শ্ৰুতি

July 25, 2021 7:56 am · এন ই নাও নিউজ
শ্ৰুতি গেৰা।

পৰ্ণ কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে বলীউদ। ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছতে এগৰাকীৰ পাছত আন এগৰাকী অভিনেত্ৰীয়ে মুখ খুলিবলৈ লৈছে।

ৰাজ কুন্দ্ৰাৰ এপৰ ভিডিঅ’ৰ বাবে অভিনেত্ৰী শ্ৰুতি গেৰাকো অভিনয়ৰ প্ৰস্তাৱ দিয়াৰ কথা জানিবলৈ দিছে অবিনেত্ৰীগৰাকীয়ে।

মুম্বাইত বিজ্ঞাপন জগতৰ চিনাকি মুখ শ্ৰুতিক ৱেব ছিৰিজত অভিনয়ৰ বাবে মতা হৈছিল যদিও শ্ৰুতিয়ে সেই প্ৰস্তাৱ নাকচ কৰে।

শ্ৰতিয়ে কয় যে একাধিক কাষ্টিং পৰিচালকৰ পৰা তেওঁলৈ ফোন আহিছিল। সেইসকলৰ নাম তেওঁৰ মনত নাই। তেওঁক ৰাজ কুন্দ্ৰাৰ সৈতে পৰিচয় কৰাই দিয়াৰ কথা কোৱা হৈছিল।

ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত শ্ৰুতিয়ে কয়,’’আমি সকলোৱে জানিছিলো ৰাজ কুন্দ্ৰা এটা ডাঙৰ নাম। কিন্তু দেখা গ’ল তেওঁ পৰ্ণ বনাইছিল।‘’

‘’বুজিব পাৰিছিলো, ইণ্ডাষ্ট্ৰীৰ ভিতৰত বহু কিবাকিবি চলে। উঠি অহা অভিনেত্ৰীসকলক বলপূৰ্বক ড্ৰাগছ খুৱাই আপোচ কৰিবলৈ বাধ্য কৰোৱা হয়। জোৰ কৰি নিচা কৰাই তেওঁলোকৰ অজ্ঞাতে আপত্তিজনক ভিডিঅ’ তুলি তাৰ পাছত এনে ধৰণৰ পৰ্ণ বা যৌন উত্তেজক ছবিত কাম কৰাৰ বাবে ব্লেকমেইল কৰা হয়। বলীউদত এই ঘটনা তেনেই সাধাৰণ,’’-শ্ৰুতিয়ে কয়।

শ্ৰুতিয়ে লগতে কয় যে কেবল মহিলাকে নহয়, পুৰুষসকলকো এনে ভিডিঅ’ৰ বাবে হেচা দিয়া হয়। তেওঁলোকক এনে অৱস্থাৰ মুখলৈ ঠেলি দিয়া হয় য’ত তেওঁলোকৰ বাবে আৰু কোনো ৰাস্তা নাথাকে।

শ্ৰুতিয়ে উঠি অহা অভিনেতা-অভিনেত্ৰীসকলক দোষ দিয়া উচিত নহয় বুলিও মন্তব্য কৰে।

Related News